অংকুৰণ দত্তলৈ বিজ্ঞান সংযোগৰ ৰাষ্ট্ৰীয় সন্মান

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগী অধ্যাপক তথা মুৰব্বী ড° অংকুৰণ দত্তক ২০১৮ বৰ্ষৰ বিজ্ঞান সংযোগৰ ৰাষ্ট্ৰীয় সন্মানৰ বাবে মনোনীত কৰা হৈছে৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰদান কৰি অহা এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা ড° দত্তই বৈদ্যুতিন মাধ্যম হিচাপে কমিউনিটী ৰেডিঅ' ব্যৱহাৰ কৰি বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কাম কৰা প্ৰথম অসমীয়া বিজ্ঞান সংযোগকাৰী৷

যোৱা এটা দশকধৰি সামূহিক অনাতাঁৰ বা কমিউনিটী ৰেডিঅ'ৰ জৰিয়তে দেশৰ লগতে দক্ষিণ এছিয়াৰ কেইবাখনো দেশত বিজ্ঞান, প্ৰযুক্তি, দুৰ্যোগ আৰু স্বাস্হ্য সংযোগৰ সম্প্ৰচাৰ তথা প্ৰশিক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০১৮ চনৰ 'বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিজ্ঞান সংযোগ' শিতানৰ বঁটাটি এককভাৱে ড° দত্তক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে৷ এই বঁটাত থাকিব এখনি প্ৰশস্তি পত্ৰ, এটি বিশেষ স্মৃতিচিহ্ন আৰু নগদ দুই লাখ টকা৷ অহা ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে৷

ইতি পূৰ্বে বিজ্ঞান সংযোগৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল অসম বিজ্ঞান সমিতি(১৯৯০), বিশিষ্ট নিবন্দ্ধকাৰ আৰু বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামী (১৯৯৭), বিশিষ্ট বিজ্ঞান লেখক আৰু উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° বিজয় কৃষ্ণ দেৱ শৰ্মা(১৯৯৮), বিশিষ্ট বিজ্ঞান লেখক আৰু বিজ্ঞান সংযোগকাৰী ক্ষীৰধৰ বৰুৱা(২০০৮), অকণিৰ জনপ্ৰিয় আলোচনী মৌচাক আৰু নতুন আবিষ্কাৰৰ সম্পাদক ড° শান্তনু তামুলী (২০১০), জনপ্ৰিয় বিজ্ঞান লেখক ক্ৰমে অৰ্পণ দত্ত(২০১১), ড° ৰমেশ চন্দ্ৰ গোস্বামী(২০১৪), ড° অভিজিত শৰ্মা বৰুৱা(২০১৪) আৰু ড° দীলিপ কুমাৰ শৰ্মাই(২০১৭) চনত৷

উত্তৰ পূৰ্বাঞ্চলৰ পৰা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে বিজ্ঞান সংযোগ শিতানত এই সন্মান লাভ কৰা ড° দত্তই প্ৰথম৷ এই বৰ্ষৰ মুদ্ৰণ মাধ্যমৰ জৰিয়তে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ৰাজ্যখনৰ পৰা যুটীয়াভাৱে চিএছআইআৰ উত্তৰপূৱ বিজ্ঞান আৰু প্ৰযুক্তি সংস্হাৰ মুখ্য বিজ্ঞানী ড° হুইদ্ৰম বীৰকুমাৰ সিং আৰু ড° মুনীন্দ্ৰ কুমাৰ মজুমদাৰলৈও উৰিষ্যাৰ অধ্যাপিকা মানসী গোস্বামীৰ লগতে বঁটা আগবঢ়োৱা হ'ব৷

২০১৮ চনৰ এই সন্মানৰ ৬টা বিভাগৰ সাধাৰণ বিভাগটোত কোনো ব্যক্তিক মনোনয়ন কৰা হোৱা নাই৷ শিশুৰ মাজত বিজ্ঞান জনপ্ৰিয় কৰাৰ বাবে মনোনয়ন কৰা হৈছে যুটীয়াভাৱে অন্ধ্ৰপ্ৰদেশৰ ৰুৰেল এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট ছ'চাইটী, উত্তৰ প্ৰদেশৰ ড° ৰাজ কুমাৰ আৰু ড° জাকিৰ আলি ৰজনীশক৷ বিজ্ঞান সাহিত্য অনুবাদৰ বাবে এককভাৱে মহাৰাষ্ট্ৰৰ অধ্যাপক মনীষ ৰত্নাকৰ যোশী আৰু পৰম্পৰাগত মাধ্যমেৰে বিজ্ঞান সংযোগৰ বাবে যুটীয়া ভাৱে উত্তৰাখন্ডৰ ড° ব্ৰীজকুমাৰ শৰ্মা আৰু ৰাজস্হানৰ ড° সুনীতা ঝালালৈ এই সন্মান আগবঢ়োৱা হ'ব৷

বিজ্ঞান সংযোগৰ ক্ষেত্ৰত ড° অনামিকা ৰায়ে আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰি বঁটাৰ পৰা লাভ কৰিবলগীয়া ধন কমিউনিটি ৰেডিঅ' আৰু গণ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান সংযোগ গৱেষণাৰ বাবে ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসলৈ দান দিয়াৰ কথা জানিবলৈ দিছে ড° দত্তই৷ কলা শাখাৰ ছাত্ৰ হিচাপে বিজ্ঞান সংযোগৰ ক্ষেত্ৰত তেওঁ কৰা কামৰ স্বীকৃতি দিয়াৰ বাবে তেওঁ বিশেষজ্ঞ সমিতি আৰু মন্ত্ৰালয়ৰ ওচৰত কৃতজ্ঞ বুলিও জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in