ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থান প্ৰাপ্ত অংকুৰ ৰাজৰ

ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থান প্ৰাপ্ত অংকুৰ ৰাজৰ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যা নিকেতনৰ ছাত্ৰ অংকুৰ ৰাজ কাশ্যপৰ ভবিষ্যতে এগৰাকী চিত্ৰশিল্পী হোৱাৰ মন। সৰুৰে পৰা চিত্ৰ শিল্পত অগাধ ৰাপ থকা অংকুৰ ৰাজ কাশ্যপে পঢ়া শুনাৰ উপৰিও চিত্ৰ শিল্পত নিজকে আত্মনিয়োগ কৰাৰ লক্ষ্য আগত ৰাখি পুৰণিগুদাম অনিৰ্বান কলা কেন্দ্ৰত চিত্ৰ শিল্পৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

এই কলা কেন্দ্ৰৰ পঞ্চম বৰ্ষৰ এজন সফল ছাত্ৰ অংকুৰে এইবাৰ পঞ্চম বৰ্ষৰ চিত্ৰ কলাৰো বিশাৰদ পৰীক্ষাত অৱৰ্তীন হৈছে। অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ অংকুৰে দৈনিক ৪/৫ ঘন্টাকৈ অধ্যয়ন কৰিছিল। পুৰণিগুদাম কাষৰি গাঁৱৰ ব্যৱসায়ী ৰাজীৱ বৰা আৰু জোন্টি বৰাৰ সুযোগ্য সন্তান অংকুৰৰ মতে সফলতাৰ ক্ষেত্ৰত নিয়মানুবৰ্তীতা অটুট ৰাখি নিষ্ঠাৰে সময়ৰ কাম সময়ত কৰি গ'লে নিশ্চয়কৈ কৃতকাৰ্যতা লাভ কৰিব পাৰি।

এইবাৰ ফলাফলত স্থান পোৱাটো নিশ্চিত হৈ আছিল বুলি উল্লেখ কৰি এই কৃতকাৰ্যতাৰ ক্ষেত্ৰত পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অৰিহণা উল্লেখযোগ্য বুলি উল্লেখ কৰে। অংকুৰৰ পিতৃ এজন ব্যৱসায়ী হোৱা হেতুকে দেউতাকে অতি কষ্টৰে পঢ়াব লগা হৈছিল যদিও পঢ়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ'বলৈ দিয়া নাছিল বুলি উল্লেখ কৰে।

নিজৰ এখন দোকান দি নিজৰ পুত্ৰক এজন সফল ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে অংকুৰৰ পিতৃ-মাতৃ উৎফুল্লিত হৈ পৰিছে। নিজৰ পিতৃয়ে এখন দোকান দি অতি ব্যস্ততাৰ পাছতো নিজ পুত্ৰ অংকুৰক ইংৰাজী নিজে পঢ়ুৱাইছিল। ইয়াৰ উপৰিও অংকুৰে অংক, বিজ্ঞান, উচ্চ গণিতৰ টিউচন লৈছিল। অংকুৰে মুঠ ৫৮৭ নম্বৰ লাভ কৰে। তেওঁ গণিতত ১০০, বিজ্ঞানত ১০০, উচ্চ গণিতত ৯৮, সমাজ বিজ্ঞানত ৯৮, অসমীয়াত ৯৭ আৰু ইংৰাজীত ৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান তেওঁ নগাঁও চহৰৰ উচ্চতৰ মাধ্যমিক শাখাৰ কোনো বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব।

ইফালে দশম স্থান প্ৰাপ্ত মিন্টু গায়ন ভবিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন। পুৰণিগুদাম কুৰুৱাবাহী গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিভাগৰ কৰ্মচাৰী ধৰণী গায়ন আৰু পূৰ্ণিমা গায়নৰ সুযোগ্য সন্তান মিন্টু গায়নে দৈনিক ৫/৬ ঘন্টাকৈ অধ্যয়ন কৰিছিল। এই সফলতাৰ ক্ষেত্ৰত পিতৃ, মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উৎসাহ আৰু চেষ্টাই সফলতাৰ কাৰণ বুলি উল্লেখ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ ৰুটিন বনাই পঢ়িলে সফলতা লাভ কৰাটো সহজ বুলি উল্লেখ কৰে। কেইবাটাও বিষয়ত টিউচন লোৱা মিন্টু গায়নে বৰ্তমান নগাঁৱৰ কোনো এখন উচ্চ মাধ্যমিক শাখাৰ বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি ভবিষ্যতে এজন অভিযন্তা হব বুলি উল্লেখ কৰে। মিন্টু গায়নে ইংৰাজীত ৮৯, সমাজবিদ্যাত ১০০, গণিতত ১০০, উচ্চ গণিতত ১০০বিজ্ঞানত, ৯৮ আৰু অসমীয়াত ৯৬ নম্বৰসহ মুঠ ৫৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in