সোমবাৰে পুনৰ অঞ্জলি আৰু আৰতিক বিচাৰি শিৱসাগৰৰ দিচাংত আৰম্ভ অভিযান

সোমবাৰে পুনৰ অঞ্জলি আৰু আৰতিক বিচাৰি শিৱসাগৰৰ দিচাংত আৰম্ভ অভিযান
  • শিৱসাগৰত দিচাং নৈত নিখোজ দুই যুৱতীক বিচাৰি অভিযান।
  • সোমবাৰে পুৱাৰে পৰা অভিযান আৰম্ভ কৰিছে অভিযানকাৰী দলে।
  • আজি পুৱাৰে পুৰা পুনৰ অভিযানত নামিছে এছ ডি আৰ এফ।
  • দেওবাৰে দিচাং নৈত নিখোজ হৈছিল দুই ছাত্ৰী অঞ্জলি ছেত্ৰী আৰু আৰতি ছেত্ৰী।
  • নৈত সত্যনাৰায়ণ পূজাৰ সামগ্ৰী বিসৰ্জন দি হাত-ভৰি ধুবলৈ যাওঁতেই হঠাৎ পিছলি পৰিছিল তেওঁলোক।
  • দেওবাৰেও তেওঁলোকক বিচাৰি অভিযান চলোৱা হৈছিল।
  • নৈখনৰ ৫০-৬০ ফুট গভীৰতাত পিছলি পৰিছিল অঞ্জলি।
  • অঞ্জলিক উদ্ধাৰ কৰিবলৈ যাওতে নৈয়ে উটুৱাই নিয়ে দুৰ্ভগীয়া আৰতিকো।
  • শিৱসাগৰৰ দিচাংমুখৰ অফলাগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in