ধেমাজিৰ প্ৰয়াত দুই সাংবাদিক অনিৰ্বাণ বি. গোহাঁই আৰু বিনোদ কুমাৰ সিঙলৈ শ্ৰদ্ধাঞ্জলীঃ দুয়োৰে কৰ্মজীৱনৰ আলোকপাত

ধেমাজিৰ প্ৰয়াত দুই সাংবাদিক অনিৰ্বাণ বি. গোহাঁই আৰু বিনোদ কুমাৰ সিঙলৈ শ্ৰদ্ধাঞ্জলীঃ দুয়োৰে কৰ্মজীৱনৰ আলোকপাত

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু ধেমাজি, গোগামুখ, জোনাই, মাছখোৱা, চিলাপথাৰ প্ৰেছ ক্লাৱৰ যৌথ সহযোগত বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱ ভৱনত চিলাপথাৰৰ প্ৰয়াত জ্যেষ্ঠ সাংবাদিক বিনোদ কুমাৰ সিং আৰু গোগামুখৰ সদ্য প্ৰয়াত সাংবাদিক অনিৰ্বাণ বি. গোঁহাইৰ আকস্মিক মৃত্যুত ধেমাজি জিলা সাংবাদিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী প্ৰয়াত সাংবাদিকৰ এক স্মৃতিচাৰন সভা আৰু শ্ৰদ্বাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰে ৷

ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শ্ৰদ্বাঞ্জলী অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰন সম্পাদক ভাস্কৰ সভাপণ্ডিতে ৷ সভাত অসম বাৰ্তাজীৱী সংঘৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্যা কৰৱী দলে, অসম বাৰ্তাজীৱী সংঘৰ সাধাৰন পৰিষদৰ সদস্য তথা ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ হাজৰিকা , ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয়া, প্ৰাক্তন কায্যকৰী সভাপতি মৃদুপবন চুতীয়া, ধেমাজি জিলা সাংবাদিক সংস্থাৰ কায্যকৰী সভাপতি অতুল কুমাৰ চমুৱা ,প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মা, জোনাই প্ৰেছ ক্লাৱৰ সভাপতি গৌতম পেগু, চিলাপথাৰল প্ৰেছ ক্লাৱৰ সভাপতি দেৱ দেউৰী, সম্পাদক চৰন জিমে, মাছখোৱা প্ৰেছ ক্লাৱৰ সম্পাদক মিন্টু শইকীয়া, গোগামুখ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সভাপতি হেমচন্দ্ৰ বৰদেউৰী, কাৰ্য্যকৰী সভাপতি জিতু কুমাৰ ৰাজকোঁৱৰ, সম্পাদক ৰাজীৱ দেউৰী, সহকাৰী সম্পাদক দিব্যজ্যোতি বৰগোহাঁই, কাৰ্যালয় সম্পাদক সুদৰ্শন বৰুৱা, চিলাপথাৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি বনমালী মহন্ত, বিজন শৰ্মা, নয়নমনি মহন্ত, গুনাধৰ দলে, বৃষ্টি পাংগিং, মোহন পাংগিং, ধেমাজি প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সম্পাদক জিতু শইকীয়া, সহকাৰী সম্পাদক পৱন বৰুৱা, কাৰ্য্যালয় সম্পাদক জয়ন্ত বৰা, বিৰিঞ্চি দত্ত, জীৱন কোঁৱৰ, সঞ্জীৱ কোঁৱৰ আদি পাঁচটা প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক , বিষয়- ববীয়া তথা ক্লাৱৰ সাংবাদিকসকলৰ লগতে ধেমাজি জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া আৰু সাংবাদিক সকলে এই শ্ৰদ্বাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে ৷

বুধবাৰে অনুষ্ঠিত হোৱা শ্ৰদ্বাঞ্জলী অনুষ্ঠানত চিলাপথাৰ প্ৰেছ ক্লাৱৰ প্ৰতিস্থাপক প্ৰাক্তন সভাপতি তথা সদৌ ভাৰত জাৰ্নেলিষ্ট ফ'ৰামৰ উপ- সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বিনোদ সিঙৰ আকস্মিক মৃত্যুত বিভিন্ন জন সাংবাদিকে শোক ব্যক্ত কৰাৰ লগতে শ্ৰদ্বাৰে তেওঁৰ জীৱনৰ কৰ্মৰাজিক সোঁৱৰন কৰে ৷ আনহাতে ব্যস্ততম গোগামুখ অঞ্চলৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক তথা গোগামুখ অঞ্চলৰ বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ আপোচবিহীন আৰু সম্ভাৱনাপূৰ্ন, হাস্যমুখী, বিনয়ী স্বভাৱৰ স্বাধীনচেতীয়া, চিন্তা চেতনাৰে সমৃদ্ধ অনিৰ্বাণ বি. গোহাঁইৰ আকস্মিক মৃত্যুত গোগামুখৰ লগতে সমগ্ৰ ধেমাজি জিলাতেই শোকৰ ছাঁ পৰাৰ কথা উল্লেখ কৰে।

কেইবাজনো জ্যেষ্ঠ সাংবাদিকে অসমীয়া লোক কৃষ্টি পৰম্পৰা, নাট্য আৰু কাব্য সাহিত্যৰ লগতে দুৰ্নীতি আৰু বিভেদ তথা দুৰ্ভাবনা সন্দৰ্ভত সমাজত সচেতন কৰি তোলাৰ লগতে অপশক্তিৰ বিৰুদ্ধে কলমক আমোঘ অস্ত্ৰৰূপে ব্যৱহাৰ কৰা উদীয়মান সাংবাদিক অনিৰ্বাণ বি . গোঁহাইৰ প্ৰতি গভীৰ শ্ৰদ্বাঞ্জলী জ্ঞাপন কৰে ৷

প্ৰয়াত অনিৰ্বাণৰ পিতৃ ভদেশ্বৰ বৰগোহাঁই, মাতৃ বুলুমনি বৰগোঁহাই আৰু অনিৰ্বাণৰ পত্নী গায়ত্ৰী দলে বৰগোহাঁইৰ লগতে প্ৰয়াত জ্যেষ্ঠ সাংবাদিক বিনোদ সিঙৰ পত্নী আৰু পৰিয়াল বৰ্গলৈ ধেমাজি জিলা সাংবাদিক সংস্থাই শোকবাৰ্তা প্ৰেৰন কৰে। সংস্থাই তেওঁলোক দুজনে ধেমাজিৰ সংবাদ জগতলৈ নিষ্ঠা আৰু সততাৰে আগবঢ়োৱা সেৱাৰ কথা শ্ৰদ্ধাৰে স্মৰন কৰে আৰু শোক প্ৰকাশ কৰি দুয়োগৰাকী সাংবাদিকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in