পশু স্বাস্থ্য পৰীক্ষা শিবিৰ তথা সজাগতা সভা‌‌…

পশু স্বাস্থ্য পৰীক্ষা শিবিৰ তথা সজাগতা সভা‌‌…

ডিজিটেল সংবাদ, মঙলদৈঃ কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগ, দৰঙৰ সহযোগত জিলাখনৰ নিজ ৰঙামাটি গাঁৱত মঙ্গলবাৰে এটা পশু স্বাস্থ্য পৰীক্ষা শিবিৰ তথা সজাগতা সভা অনুষ্ঠিত কৰা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ মুৰব্বী ড॰ আব্দুল হাফিজ দেৱ, জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ পশু চিকিৎসক ড॰ যুগব্ৰত নাথ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ পশু চিকিৎসা বিভাগৰ বিষয় বিশেষজ্ঞ ড॰ মুজাহাৰুল ইচলামে উক্ত শিবিৰত অঞ্চলটোৰ প্ৰায় ৩০০ পশুক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামুলীয়াকৈ বিভিন্ন দৰৱ আৰু আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

উক্ত অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ,দৰঙৰ পাম পৰিচালক হেঙুল জ্যোতি শালৈ, বিষয়া অলিভিনা কাথাৰপি আৰু ঝৰ্ণা চৌধুৰীও উপস্থিত থাকি ৰাইজক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in