শেহতীয়া খবৰ
গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী  •  মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ

পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাৰ শাস্তি! বিজেপিৰ পৰা নিলম্বিত প্ৰাক্তন শক্তিমন্ত্ৰী অনিল শৰ্মা

531

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ প্ৰাক্তন শক্তি মন্ত্ৰী অনিল শৰ্মাক বুধবাৰে বিজেপিয়ে দলৰ পৰা নিলম্বন কৰে। লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী আশ্ৰয় শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অস্বীকাৰ কৰা বাবেই বিজেপিয়ে তেওঁক দলৰ পৰা নিলম্বন কৰে।

ইয়াৰ পূৰ্বে পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাৰ বাবে অনিল শৰ্মাই জয়ৰাম ঠাকুৰ মন্ত্ৰীসভাৰ পৰা বহিস্কৃত হৈছিল। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সচিব তৰুণ সুঘে অনিল শৰ্মাক দলৰ পৰা নিলম্বন কৰা সন্দৰ্ভত কয়, ‘যিয়ে দলৰ আদৰ্শৰ বিৰুদ্ধে যায়, তেওঁ দলীয় তদন্তৰ সন্মুখীন হ’বলগা হয়। অনিল শৰ্মাইও দলৰ নীতি-আদৰ্শক অৱমাননা কৰিছে, সেয়ে এই শাস্তি তেওঁৰ প্ৰাপ্য।’

অন্যহাতে লোকসভা নিৰ্বাচনৰ পিছৰে পৰাই হিমাচল প্ৰদেশৰ একাংশ বিজেপি নেতাই অনিল শৰ্মাক দলৰ পৰা বহিস্কাৰ কৰাৰ দাবী কৰি আহিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি