বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা

বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অনিল ৰাজা। এটাৰ পিছত এটাকৈ অভিযোগ উত্থাপন কৰি বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত ৰাজাই ৰকিবুলক এজন লম্পট চৰিত্ৰৰ লোক আখ্যা দিয়ে।

'ৰকিবুল হুছেইন এজন লম্পট চৰিত্ৰৰ লোক। মন্ত্ৰী হৈ থাকোতে সুন্দৰী মহিলাৰ স্বামীসকলকহে ভাল স্থানত পোষ্টিং দিছিল।'- ধুনীয়া যুৱতী দেখিলে
প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ঠিকা দিয়াৰ প্ৰলোভন দেখুৱাইছিল বুলি দাবী কৰি এইদৰে কয় ৰাজাই।

সুন্দৰী নাৰীৰে সম্পৰ্ক গঢ়াত পাকৈত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বেংককলৈ গৈ এই বিষয়ত পিএইচডি ডিগ্ৰী লৈ আহিছে বুলি কটাক্ষ কৰি
তেওঁ কয় যে ৰকিবুল হুছেইন এইবাৰ জেললৈ যোৱাতো ১০০ শতাংশই নিশ্চিত।

'আয় বহিৰ্ভূত বহুতো সম্পত্তিৰ গৰাকী ৰকিবুল। এনে ধৰণৰ কোনো নেতা আজিলৈকে বাচি যোৱা নাই। জয়াললিতা, কানিমুঝি কোনোৱেই বাচিব পৰা নাই। ৰকিবুল কোন কূটা?'-ৰাজাই কয়।

যোৱা শনিবাৰে আদালত চৌহদত তেওঁৰ ওপৰত সংঘটিত চিয়াহী নিক্ষেপৰ ঘটনা ৰকিবুলৰ নিৰ্দেশমতেই হৈছিল বুলিও স্পষ্টকৈ অভিযোগ কৰে
কংগ্ৰেছৰ পৰা নিলম্বিত নেতাগৰাকীয়ে।

'ৰকিবুলে সদায় গুণ্ডা প্ৰকৃতিৰ ল'ৰা কেইটামান লৈ ঘূৰি ফুৰে। মোৰ গাত চিয়াহী নিক্ষেপৰ আঁৰতো ৰকিবুলেই আছে। ৰকিবুলে কংগ্ৰেছ দলটোক বহুত তললৈ লৈ গৈছে।'-কংগ্ৰেছক ৰকিবুলে মুছলমানৰ দললৈ পৰিণত কৰা বুলি দাবী কৰি ৰাজাই কয়।

ৰাজেন গোঁহাইৰ সৈতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীৰ গোপন সম্পৰ্ক আছে বুলিও অভিযোগ কৰে ৰাজাই। 'গোপন বুজাবুজিৰ বাবেই ৰাজেন গোঁহাইৰ বিৰুদ্ধে ৰকিবুলে টু শব্দ এটাও নকয়। এই বুজাবুজিৰ কথা বুজিবলৈ ৰাইজৰ এতিয়া বাকী নাই।'-ৰাজাৰ দাবী।

গ্ৰেপ্তাৰৰ ভয়ত দিল্লীলৈ গৈ ৰকিবুলে আত্মগোপন কৰিছে বুলিও অভিযোগ তোলে নিলম্বিত কংগ্ৰেছ নেতাগৰাকীয়ে। কংগ্ৰেছ ক'ৰ কমিটিয়ে তেওঁৰ বিৰুদ্ধে লোৱা সিদ্ধান্তক ভুল আখ্যা দি এতিয়াও ৰাহুল গান্ধী আৰু ৰিপুণ বৰাক নেতা হিচাপে মানি আহিছে বুলি জনায় ৰাজাই।

উল্লেখ্য যে, ৰাজাক চিয়াহী নিক্ষেপ কৰা গোচৰৰ সন্দৰ্ভত পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে ৰকিবুলকো তদন্তৰ আওতালৈ আনিছে। উক্ত ঘটনাৰ সংঘটিত কৰা ৩জনকৈ লোকৰ এজনে ৰকিবুলৰ নাম উচ্চাৰণ কৰাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সৈতে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সম্পৰ্ক থকাৰ অনুমান কৰে।

ইফালে, আদালত চৌহদত চিয়াহী নিক্ষেপৰ উক্ত ঘটনা সন্দৰ্ভত মুখ্য ন্যায়াধীশক অভিযোগ দাখিল কৰিব বুলিও আজি জানিবলৈ দিয়ে বিতৰ্কিত অনিল ৰাজাই। ন্যায়ালয়ৰ ভিতৰত কেনেকৈ চিয়াহী নিক্ষেপ কৰিব পাৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in