আদালতৰ সময়সীমাৰ পূৰ্বেই এৰিকছনক ৪৬২ কোটি আদায় দিলে অনিল আম্বানীয়ে

আদালতৰ সময়সীমাৰ পূৰ্বেই এৰিকছনক ৪৬২ কোটি আদায় দিলে অনিল আম্বানীয়ে

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে বান্ধি সময়সীমাৰ এদিন পূৰ্বেই ৰিলায়েঞ্চ কমিউনিকেশ্যনৰ স্বত্বাধিকাৰ অনিল আম্বানীয়ে চুইডিছ টেলিকম কোম্পানী এৰিছনক প্ৰদান কৰিবলগীয়া ৪৬২ কোটি টকা আদায় দিয়ে। ফেব্ৰুৱাৰী মাহত এৰিকছনৰ এক অভিযোগৰ শুনানি গ্ৰহণ কৰি আদালতে এই ধনৰাশি আদায় দিবৰ দিবৰ অনিল আম্বানী আৰু তেওঁৰ কোম্পানীক ১৯ মাৰ্চ পৰ্যন্ত সময়সীমা বান্ধি দিছিল।

উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি অনিল আম্বানীয়ে এই ধনৰাশি আদায় নিদিলেহেঁতেন, তেন্তে ৩ মাহৰ কাৰাবাস খাটিব লাগিব বুলিও উচ্চতম ন্যায়ালয়ে সকিয়নী প্ৰদান কৰিছিল অনিল আম্বানীক। আম্বানীয়ে এই ধনৰাশি এৰিকছনক আদায় দি আদালতৰ অৱমাননা কৰা বুলিও মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে, ৰিলায়েঞ্চ কমিউনিকেশ্যন আৰু এৰিকছনে একেলগে কাম কৰাৰ পিছত কোম্পানীটোৱে ৰিলায়েঞ্চ কমিউনিকেশ্যনৰ পৰা পাব লগা সম্পূৰ্ণ ধনৰাশি আদায় নিদিয়া বুলি উচ্চতম ন্যায়ালয়ত অভিযোগ দাখিল কৰিছিল কোম্পানীটোৱে। যাৰ ফলশ্ৰুতিত আদালতে শুনানি গ্ৰহণ কৰি অনিল আম্বানীক এই নিৰ্দেশ জাৰি কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে আৰ কমৰ স্বত্বাধিকাৰ গৰাকীয়ে এৰিকছনক ১১৮ কোটি আদায় দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in