হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাফেল কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰিছিল অনিলআম্বানীৰ। অনিল আম্বানীৰ এটা কোম্পানীয়ে ৰাফেল বিমান ক্ৰয় কৰাৰ উপ-ঠিকা লাভ কৰিছিলমোডীৰ পৃষ্ঠপোষকতাত। এই অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে। তাৰপাছতেই ৰাহুল গান্ধীৰবিৰুদ্ধে ৫হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল অনিল আম্বানীয়ে।

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিনৰ পূৰ্বে ৰহস্যজনকভাৱে এই গোচৰ প্ৰত্যাহাৰ কৰিলে অনিল আম্বানীয়ে।যি সময়ত মোডীয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি এগজিট প'লৰ ফলাফলত সমীক্ষ সন্থাসমূহে ঘোষণা কৰিছিল। তাৰ সমান্তৰালকৈ অনিল আম্বানীয়ে হঠাৎ ৰাহুল গান্ধীৰ বিৰুদ্ধে এই গোচৰ প্ৰত্যাহাৰ কৰা ঘটনাই ৰাজনৈতিক দৃষ্টি গোচেৰে বহু তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে, এই গোচৰ অনিল আম্বানীয়ে কংগ্ৰেছ নেতৃত্ব তথা নেশ্যনেল হেৰেল নামৰ বাতৰি কাকতখনৰ বিৰুদ্ধে ৰুজু কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in