পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী…

পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই পুনৰ প্ৰাৰ্থিত্ব লাভৰ পিছতেই বটদ্ৰৱা সমষ্টিত বিশাল ৰেলীৰে দেওবাৰে প্ৰথমবাৰলৈ সমষ্টিলৈ আহে। আঙুৰলতা ডেকাৰ আগমনত নাচি বাগি আনন্দ উল্লাস কৰি সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে বাৰপূজrয়া চাৰিআলিৰ পৰা নিজৰ সমষ্টিলৈ আদৰি আনে।

বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্রান্তৰ দলীয় কৰ্মী সমৰ্থক সকলে ব্যাপক আনন্দ উল্লাস কৰি নাচি বাগি নাম গুণ গায় ঢোলে দগৰে আদৰণি জনাই। বিধায়িকা আঙুৰলতাৰ প্ৰাৰ্থিত্বক। বটদ্ৰৱাৰ দৰে ঐতিহাসিক সমষ্টি এটাত শাসকীয় বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থিত্ব পুনৰ লাভৰ পিছত যথেষ্ঠ উৎফুল্লিত হৈ উঠে বিধায়িকা আঙুৰলতা। দলীয় কৰ্মী আৰু ৰাইজে "আকৌ এবাৰ মোদী চৰকাৰ" গীত গায় আনন্দ উল্লাস প্ৰকাশ কৰে। বটদ্ৰৱালৈ স্বাগতম জনালে আঙুৰলতাক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in