পদুলিত ভোগালীঃ ঢেকীশালত ককাঁল ঘূৰাই নাচি নাচি কামত ব্যস্ত বিধায়িকা আঙুৰলতা…

পদুলিত ভোগালীঃ ঢেকীশালত ককাঁল ঘূৰাই নাচি নাচি কামত ব্যস্ত বিধায়িকা আঙুৰলতা…


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়াৰ অতিকৈ চেনেহৰ মাঘ বিহুলৈ মাজত মাত্র আৰু এটা দিন বাকী থকাৰ অন্তত এতিয়া গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। যেন এক প্ৰকাৰ গাত যেন তৰনি নোহোৱা হৈছে গাঁৱৰ জীয়াৰী -বোৱাৰীৰ মাজত।

ঢেকীৰ শব্দই এতিয়া ৰজনজনাইচে গ্ৰামাঞ্চলৰ ভেটি। তাৰ ব্যতিক্রম হোৱা নাই বটদ্রৱাৰ বিধায়িকা আঙুৰলতা ডেকাও। মংগলবাৰে বটদ্ৰৱা সমষ্টিৰ মাজ গাঁৱৰ মহিলা সকলে পিঠা পনা বনাই বিহুক আদৰিবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে বিধায়িকা আঙুৰলতাই উপস্থিত হৈ নিজে মহিলা সকলৰ লগত ঢেকীত পিঠাগুৰি খুন্দি পিঠা বনাই সকলোকে উৎসাহিত কৰে।

বিহুগীত গাই নাচি বাগি আনন্দ স্ফূর্তিৰ মাজেৰে গাঁৱৰ জীয়ৰীৰ বোৱাৰীৰ লগত একেলগ হৈ ভোগালী বিহুতিক আদৰিবলৈ প্ৰস্তুতি চলাই আঙুৰলতা ডেকাই সমগ্ৰ অসম বাসী ৰাইজক ভোগালীৰ শুভ কামনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in