পি ভি সিন্ধুলৈ আৰ্থিক পুৰস্কাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ

পি ভি সিন্ধুলৈ আৰ্থিক পুৰস্কাৰ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ
  • অলিম্পিকত দ্বিতীয়বাৰৰ বাবে পদক বিজয় কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধুলৈ আৰ্থিক পুৰস্কাৰ ঘোষণা।
  • অন্ধ্ৰপ্ৰেদশৰ মু্খ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে পি ভি সিন্ধুলৈ ঘোষনা কৰিছ ৩০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।
  • সিন্ধুলৈ আগবঢ়োৱা এই আৰ্থিক পুৰস্কাৰ ৰাজ্যিক ক্ৰীড়া নীতিৰ আধাৰত আগবঢ়োৱা হ'ব।
  • প্ৰতিখন ৰাজ্যৰ ক্ৰীড়া নীতি অনুসৰি অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী প্ৰতিজন খেলুৱৈলৈ আগবঢ়োৱা হয় ৩০ লাখকৈ টকা।
  • আনহাতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে পি ভি সিন্ধুলৈ আগবঢ়াইছে ২ একৰ ভূমি।
  • বিশাখাপট্টনমত বেডমিণ্টন একেডেমী স্থাপন কৰিবলৈ এই ভূমি আগবঢ়াইছে ৰাজ্য চৰকাৰখনে।
  • উল্লেখ্য, টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পূৰ্বে সিন্ধুৱে ৰিঅ'ত ৰূপৰ পদক লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in