অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক ঘটনা! বিদ্যালয়ৰ এটা বাকচত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ….

অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক ঘটনা! বিদ্যালয়ৰ এটা বাকচত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ….

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ। শনিবাৰে ৰাজ্যখনৰ এখন বিদ্যালয়ত উদ্ধাৰ শিশু দুটিৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা নাই ইয়াৰ আঁৰত কোন আছে।

দৰাচলতে ৰাজ্যখনৰ গোদাৱৰী জিলাৰ চিন্নায়াপালে জিলাৰ এখন বিদ্যালয়ৰ এটা কাঠৰ বাকচৰ ভিতৰত উদ্ধাৰ হয় বিদ্যালয়খনতেই অধ্যয়ন কৰি থকা দুটি শিশুৰ মৃতদেহ। জানিব পৰা মতে, ২৬ মে'ৰ পৰা শিশু দুটি সন্ধানহীন হৈ আছিল। তাৰপাছত শনিবাৰে বিদ্যালয়খনত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে শিশু দুটিৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in