মধ্যাহ্ন ভোজন গ্ৰহণ কৰি চিকিৎসাধীন ২০ টা শিশু

মধ্যাহ্ন ভোজন গ্ৰহণ কৰি চিকিৎসাধীন ২০ টা শিশু

ডিজিটেল ডেস্কঃ অন্ধপ্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় এক অঘটন। ৰাজ্যখনৰ টেডেপাল্লীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি চিকিৎসাধীন হ'বলগীয়া হৈছে ২০ টা শিশু। ৰামকৃষ্ণ মিচন নামৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

আহাৰ খোৱাৰ পিছতে শিশুসকলে বমি কৰাৰ লগতে কিছু কিছু শিশুৱে চেতনা হেৰুৱাই। তাৰ পিছতে শিশুসকলক ভৰ্তি কৰা হয় হাস্পতালত। উল্লেখ্য যে, ভাতৰ লগত শিশুসকলক খাবলৈ দিয়া হৈছিল দাইল আৰু কাৰি। অক্ষয় পাত্ৰ ফাউণ্ডেচনে এই খাদ্য আগবঢ়াইছিল শিশুসকলক।

চিকিৎসকে বৰ্তমান শিশুসকলৰ শাৰীৰিক অৱস্থা কিছু পৰিমাণে সংকটমুক্ত বুলি ঘোষণা কৰিছে। বৰ্তমানৰলৈকে ঘটনাক লৈ কোনো তদন্ত ঘোষণা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in