আইপিএলৰ পৰা বিৰতি ল’ব আৰ অশ্চিনে,কিন্তু কিয় ?…

আইপিএলৰ পৰা বিৰতি ল’ব আৰ অশ্চিনে,কিন্তু কিয় ?…

ডিজিটেল ডেস্ক : দিল্লী কেপিটেলছৰ অফ স্পিনাৰ আৰ অশ্চিনে সোমবাৰে ২০২১ আইপিএলৰ পৰা বিৰতি ঘোষণা কৰে । কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অফ স্পিনাৰ গৰাকীৰ পৰিয়ালক সমৰ্থন জনাবলৈ আইপিএলৰ পৰা বিৰতি ল'ব অশ্চিনে । তেওঁ লগতে কয় যে পৰিস্থিতি উন্নত হ'লে তেওঁ পুনৰ দললৈ ঘূৰি আহিব । টুইটাৰৰ জৰিয়তে এই কথা সদৰি কৰে আৰ অশ্চিনে ।

ক্ৰিকেটাৰ গৰাকীয়ে টুইটাৰৰ জৰিয়তে কয় যে " মই কাইলৈৰ পৰা এই বছৰৰ আই পি এলৰ পৰা বিৰতি ল'ম। মোৰ পৰিয়ালে কোভিড ১৯ৰ বিৰুদ্ধে যুঁজ দি আছে আৰু মই এই কঠিন সময়ত তেওঁলোকক সমৰ্থন কৰিব বিচাৰো। যদি বস্তুবোৰ সঠিক দিশত যায় তেন্তে মই খেলিবলৈ উভতি আহিব বুলি আশা কৰোঁ। দিল্লী কেপিটেলছ ধন্যবাদ।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in