শুকুৰবাৰে উচ্চ মাধ্যমিকৰ কোন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব লেপটপ

ফাইল ফটো
ফাইল ফটো
  • জল্পনা কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে শুভাৰম্ভ হব আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান।
  • মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হব এই অনুষ্ঠান।
  • উচ্চ মাধ্যমিকত ৭৫ শতাংশ তথা অধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্ৰীসকলক দিয়া হব এই বঁটা।
  • প্ৰাৰম্ভিক পৰ্যায়ত কামৰূপ(মহানগৰ) আৰু কামৰূপ(গ্ৰাম্য) জিলাৰ ছাত্র-ছাত্ৰীসকলক দিয়া হব এই বঁটা।
  • শুকুৰবাৰৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী পল্লব লোচন দাস, অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰৰ লগতে অন্যান্য বহুলোক।
  • অনুষ্ঠানত উপস্থিত থাকিবলগীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে বহুকেইটা নিয়ম বান্ধি দিছে বিভাগীয় কৰ্তৃপক্ষই।
  • ছাত্র-ছাত্ৰীসকলে অনুষ্ঠানলৈ আহোতে লগত আনিব নোৱাৰিব দুজনতকৈ অধিক লোক।
  • নিৰাপত্তাৰ প্ৰতি লখ্য ৰাখি লগত মোনা(বেগ) আনিব নোৱাৰিব কোনো লোকে।
  • ছাত্র-ছাত্ৰীসকলে অনুষ্ঠানস্থলীত সোমোৱাৰ সময়ত দেখুৱাব লাগিব নিমন্ত্ৰণী পত্ৰ।
  • ছাত্র-ছাত্ৰীসকলে লগত আনিব লাগিব তেওঁলোকৰ উচ্চ মাধ্যমিকৰ এডমিট কাৰ্ড।
  • ইয়াৰ লগতে তেওঁলোকে আনিব লাগিব উত্তীৰ্ণৰ প্ৰমানপত্ৰ তথা নথিপত্ৰ।
  • বিগত বৰ্ষৰ এই বঁটা লাভ কৰিবলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০,৭২০জন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in