বেঙেনা বিক্ৰী কৰি কোটিপতি হোৱা ৰহস্যময়ী মহিলাক গ্ৰেপ্তাৰ

বেঙেনা বিক্ৰী কৰি কোটিপতি হোৱা ৰহস্যময়ী মহিলাক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ এগৰাকী সাধাৰণ মহিলা। হায়দৰাবাদৰ তিৰুপতি বজাৰত তেওঁ বেঙেনা, গাজৰ, মূলা, বিলাহী আদি হৰেক ৰকমৰ পাচলি বিক্ৰী কৰে। কিন্তু এয়া তেওঁৰ পেছা নহয়।

এম বি এ ডিগ্ৰীধাৰী এই মহিলাগৰাকীৰ আছে ১৭টাকৈ বিভিন্ন সংস্থা। ৪খন মাদ্ৰাছা, কেইবাখনো দোকান, হোটেল, ধাবা, ওৱাইন শ্বপৰ গৰাকী এই মহিলাগৰাকী। শেহতীয়াকৈ ৰাজনীতিৰ পথাৰতো নামি পৰিছে তেওঁ। সাতটা জনমলৈ খাই শেষ কৰিব নোৱাৰা টকা আছে তেওঁৰ। মাতৃৰ সৈতে এদিন পাচলি দোকানত বহি পাচলি বিক্ৰী কৰা এই মহিলাগৰাকী কেনেদৰে ইমান ধনী হ'ল, আপোনাৰ জানিবলৈ মন যোৱা নাই নে?

ধনী হোৱাৰ সপোনৰে ব্যৱসায় আৰম্ভ কৰা এইগৰাকী মহিলাৰ নাম নৱহেৰা শ্বেখ। ৪৫ বৰ্ষীয় নৱহেৰাই অৱশ্যে বিগত সাত বছৰ ৰাজকীয় জীৱন পাৰ কৰাৰ পিছত এতিয়া আৰক্ষীৰ জিম্মাত শাস্তিৰ বাবে অপেক্ষা কৰিছে আছে। তেওঁৰ বিৰুদ্ধে ৫০০ কোটি টকা প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

সাত বছৰ পূৰ্বে এটা ছীট্ ফাণ্ড খুলিছিল নৱহেৰাই। গ্ৰাহকক বছৰি ৩৬ৰ পৰা ৪২ শতাংশ পৰ্যন্ত সুত প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল তেওঁ। যাৰ ফলত হোৰাহোৰে বৃদ্ধি পাইছিল তেওঁৰ ফাণ্ডত গ্ৰাহকৰ সংখ্যা। অধিক সুত লাভ কৰাৰ লোভত বহুতেই তেওঁৰ ফাণ্ডত উপাৰ্জিত ধন জমা থব বিচাৰিছিল। যাৰ ফলত কম দিনৰ ভিতৰতে নৱহেৰা শ্বেখৰ ছীট্ ফাণ্ড মানুহৰ বাবে এক পৰিচিত নাম হৈ পৰিছিল।

লাহে লাহে নৱহেৰাৰ ছীট ফাণ্ডে ২ লক্ষাধিক গ্ৰাহক অতিক্ৰম কৰে। জমা হয় ১০০০ কোটিতকৈও অধিক ধন। ইয়াৰ পিছতে নৱহেৰাৰ জীৱনো সলনি হৈ পৰে। তেওঁ ৪ খন মাদ্ৰাছা নিজাববীয়াকৈ খোলাৰ লগতে হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত অংসখ্য দোকান, হোটেল, ওৱাইন শ্বপ খুলি ভাড়ালৈ দিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ ৰাজনীতিক ভাৱে সক্ৰিয় হৈ তেওঁ এটা ৰাজনৈতিক দলৰ সৈতেও সংযুক্ত হৈ পৰে। লক্ষ্য, নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা।

নৱহেৰা শ্বেখৰ এনে সোণালী দিন চলি থকাৰ মাজতেই গ্ৰাহক সকলক তেওঁলোকৰ জমাধন সুতেৰে সৈতে প্ৰদান কৰাৰ সময় হয়। নৱহেৰাই কিছু সংখ্যক গ্ৰাহকক তেওঁলোকৰ প্ৰাপ্য ধন প্ৰদান কৰে যদিও অধিকাংশকে প্ৰদান কৰিবলৈ অক্ষম হয়। তাৰ পিছতে গ্ৰাহকসকলে নৱহেৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। আনহাতে যোৱা মে' মাহতে ছীট্ ফাণ্ডৰ জমাধন ঘূৰাই দিয়াৰ ম্যাদ আছিল যদিও এই পৰ্যন্ত গ্ৰাহকসকলে সেয়া লাভ নকৰাত নৱহেৰাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

গ্ৰাহকসকলৰ অভিযোগৰ পিছতে নৱহেৰাৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ধন আত্মসাতৰ এক গোচৰ ৰুজু কৰি হায়দৰাবাদৰ তিৰুপতি বজাৰৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সময়ত নৱহেৰা শ্বেখে তিৰুপতি বজাৰত বিগত কিছুদিন ধৰি পাচলি ব্যৱসায়ী হিচাপে আত্মগোপন কৰি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in