মুম্বাইৰ ক্ৰুজৰ ড্ৰাগছ কাণ্ডঃ কোনে কোনে লাভ কৰিলে জামিন…

মুম্বাইৰ ক্ৰুজৰ ড্ৰাগছ কাণ্ডঃ কোনে কোনে লাভ কৰিলে জামিন…

ডিজিটেল ডেস্কঃ মুম্বাইৰ ক্ৰুজৰ ড্ৰাগছ কাণ্ডৰে জড়িতৰ অভিযুক্ত দুজনক মঙলবাৰে বিশেষ ন্যায়ালয়ে জামিন প্ৰদান কৰে। গ্ৰেপ্তাৰ কৰা ২০জন লোকৰ ভিতৰত জামিন পাইছে ক্ৰমে মনীষ ৰাজৰয়ীয়া আৰু অবিন সাহুৱে। অৱশ্যে বৰ্তমানলৈ জামিন লাভ কৰা নাই বলিউডৰ কিং খানৰ পুত্ৰ আৰয়ান খানে।

উল্লেখ্য যে, আৰক্ষীয়ে মনীষক ২.৪ গ্ৰাম গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল। আৰু মঙলবাৰে তেওঁক ৫০ হাজাৰ টকা জৰিমনা বিহাই জামিন প্ৰদান কৰে ন্যায়ালয়ে। আৰয়ান খানৰ বিপৰীতে মনীষ ৰাজগৰীয়াৰ ক্ষেত্ৰত হোৱাটছএপত এই সম্পৰ্কীয় কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। আৰু এই যুক্তি মনীষৰ অধিবক্তাগৰাকীয়ে ন্যায়ালয়ত দাঙি ধৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in