২.৫০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীঃ সঠিক দিশত তদন্ত আগবাঢ়িলে জালত পৰিব এমট্ৰ’নৰ বহু ৰৌ-বৰালি…

২.৫০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীঃ সঠিক দিশত তদন্ত আগবাঢ়িলে জালত পৰিব এমট্ৰ’নৰ বহু ৰৌ-বৰালি…

  • বিত্তীয় খেলিমলিৰ অভিযোগত আটক এমট্ৰ'নৰ গাণনিকক।
  • চি আই ডিয়ে বৃহস্পতিবাৰে চানমাৰি থানাৰ আৰক্ষীৰ সহযোগত আটক কৰে গাণনিক ৰাহুল হুজুৰিক।
  • জানিব পৰা মতে এমট্ৰ'নৰ একাউণ্টৰ পৰা হৰলুকি হৈছে ২.৫০ কোটি টকা।
  • এই বৃহৎ পৰিমানৰ ধন হৰলুকি হোৱাৰ তথ্য লাভ কৰাৰ পিছতে চি আই ডিয়ে আটক কৰে হুজুৰিক।
  • ঘটনা সম্পৰ্কে চি আই ডিয়ে আটকাধীন হুজুৰিক অধিক তথ্য লাভৰ বাবে জেৰা অব্যাবহ ৰাখিছে।
  • শুকুৰবাৰে আটকাধীন হুজুৰিক ন্যায়ালয়ত হাজিৰ কৰোৱাৰ কথা।
  • পূৰ্বেও বহু খেলিমেলি সংঘটিত হোৱা এমট্ৰ'নৰ আৰু অধিক বিষয়া-কৰ্মচাৰী চি আই ডিৰ জালত পৰাৰ সম্ভাৱনা আছে।
  • বিত্তীয় কেলংকাৰীৰ বিষয়ত পোন প্ৰথমবাৰৰ বাবে চি আই ডিৰ জালত পৰিছে এমট্ৰ'নৰ বিষয়া।
  • সঠিক দিশত তদন্ত আগবাঢ়িলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে।
  • ইয়াৰ পূৰ্বে এমট্ৰ'নৰ পৰা হেৰাইছিল বহু কম্পিউটাৰ।
  • আৰক্ষীয়ে সেইবাৰ এজন চকিদাৰকে গ্ৰেপ্তাৰ কৰি তদন্ত সামৰণি মাৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in