আমছুৰ সুতিৰপাৰ আঞ্চলিক সমিতি পুনৰ গঠন…

আমছুৰ সুতিৰপাৰ আঞ্চলিক সমিতি পুনৰ গঠন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত সুতিৰপাৰ আঞ্চলিক সমিতিখন শনিবাৰে পুনৰ গঠন কৰা হয়। সেই মৰ্মে ফুৰহানীআটি কনিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাৰ সভাপতিত্বত কৰে আমছুৰ নগাঁও জিলা সমিতিৰ উপ – সভাপতি জহিৰুল ইছলামে।

সভাত আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইন উপস্থিত থাকি কয় যে, সুস্থ সমাজ গঠনৰ বাবে আমছুৱে চেষ্টা অব্যাহত ৰাখিছে । সমাজ ব্যৱস্থাক বিপথে পৰিচালিত কৰিবলৈ এচাম অপশক্তিয়ে চেষ্টা কৰি আহিছে । যাৰ ফলত সময়ে – সময়ে আমাৰ সমাজত বিশৃংখলতাই দেখা দি আহিছে।

আমি সকলোৱেই ঐক্যবদ্ধ হৈ এনে অপশক্তিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হব লাগিব । আৰক্ষী – প্ৰশাসনৰ সহযোগত আমি এনে অপ শক্তিক উফৰাই এক সুস্থ সবল সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগিব । সভাত আমছুৰ নগাঁও জিলা সমিতিৰ বিত্ত সম্পাদক ছৈয়দ আহমেদ কয় যে, আমছুৱে সদায়েই জাতিৰ স্বাৰ্থত কাম কৰি আহিছে আৰু জাতিৰ উন্নয়নৰ হকে কাম কৰি যাব।

সভাত মেহেবুব হুছেইনক সভাপতি, জিয়াৰুল ইছলামক কাৰ্যকৰী সভাপতি, শ্বৰিফুল ইছলাম আৰু আব্দুল ৰহিমক সম্পাদকদ্বয় হিচাপে লৈ ৪১ জনীয়া আমছুৰ সুতিৰপাৰ আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক নাছিৰ উদ্দিন আহমেদ, আমছুৰ ফুৰহানীআটি আঞ্চলিকৰ সভাপতি আব্দুল আজিজৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in