শংকৰ- আজানৰ মিলনভূমি অসমক আগুৱাই নিবলৈ হলে হোজাই বিধায়ক শিলাদিত্যক বৰ্জন কৰিব লাগিবঃ আমছু

শংকৰ- আজানৰ মিলনভূমি অসমক আগুৱাই নিবলৈ হলে হোজাই বিধায়ক শিলাদিত্যক বৰ্জন কৰিব লাগিবঃ আমছু

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "শংকৰ – আজানৰ মিলনভূমি অসমক আগুৱাই নিবলৈ হলে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যক বৰ্জন কৰিব লাগিব।" এই মন্তব্য আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ। শনিবাৰে আমছুৰ নগাঁও জিলা সমিতিৰ সহযোগত দগাঁও-ধিংগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত দগাঁও-ধিংগাঁও গাওঁ পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত এন আৰ চি, শিক্ষা, বাল্যবিবাহ তথা অসামাজিক কাৰ্যকলাপৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰহমানে লগতে কয় যে, "নাগপুৰৰ বিষয়ববীয়াৰ প্ৰিয়পাত্ৰ হবলৈ বিধায়ক শিলাদিত্য দেৱে সময়ে- সময়ে মুছলমান বিৰোধী মন্তব্য কৰি টি আৰ পি লৈ আহিছে। আমাৰ সন্দেহ বিধায়ক জনৰ মতিভ্ৰম হৈছে।"

নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনিত নিৰ্দিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে কয় যে, "১৯৭১চনৰ ২৫ মাৰ্চৰ পূৰ্বে নথিপত্ৰ জমা দিয়া স্বত্বেও যি সকল বৈধ নাগৰিকৰ নাম এন আৰ চি ৰ পৰা বাদ পৰিছে, তেওঁলোকৰ কাষত আমছু সদায় ঠিয় দিব। মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চি ৰ কাম চলি আছে, এন আৰ চি লৈ বৈধ নাগৰিকৰ চিন্তাৰ কোনো কাৰণ নাই।"

আমছুৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইনে আঁত ধৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট সমাজ সেৱক চিৰাজ উদ্দিন আহমেদ, দগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডাঃ লক্ষ্যজিৎ ভূঞা, আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে শিক্ষাৰ প্ৰয়োজনীয়তা, বাল্যবিবাহ আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

শনিবাৰে বিয়লি ৩ বজাত আৰম্ভ হৈ নিশা ৮ বজাত সামৰণি পৰা সজাগতা সভাখনিত এৰাবাৰী জামে মছজিদৰ ইমাম হাফিজ ওমৰ ফাৰুক, দাৰুল হাদিছ পৰমাইভেটি ইছলামীয়া মাদ্ৰাছাৰ মূখ্য মৌলানা নুৰ ইছলাম, সমাজকৰ্মী নাজিৰুল ইছলাম, আমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৱাহিদুৰ ৰহমান, নগাঁও জিলা সমিতিৰ শিক্ষা সম্পাদক মিজানুৰ ৰহমান, উপসভাপতি দ্বয় জহিৰুল ইছলাম, জেহিৰুল ইছলাম, বিত্ত সম্পাদক ছৈয়দ আহমেদ, দগাঁও – ধিং গাঁও, আলিটাঙনী, সুতিৰপাৰ, পৰমাইভেটী – কান্ধুলিমাৰী আঞ্চলিক সমিতিৰ বিষয় ববীয়া, সদস্য, স্থানীয় ৰাইজ, আইমাতৃৰ সহ সহস্ৰাধিক লোক উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in