বিটিএডিত সম অধিকাৰ, সম উন্নয়নৰ পৰা বঞ্চিত ধৰ্মীয় সংখ্যালঘুূ জনতা!

বিটিএডিত সম অধিকাৰ, সম উন্নয়নৰ পৰা বঞ্চিত ধৰ্মীয় সংখ্যালঘুূ জনতা!

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু দুৰামাৰী আঞ্চলিক আমছুৰ সহযোগত শনিবাৰে জিলাখনৰ জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বিটিচি চুক্তি পুণৰীক্ষণ, বিটিচিবাসীৰ জীৱন সম্পত্তি সুনিশ্চিতকৰণ, ৫০ শতাংশকৈ কম বড়ো লোকে বসৱাস কৰা গাঁওসমুহ বিটিচিৰ পৰা কৰ্তন কৰা আদিকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাফুজ হুছেইনৰ সভাপতিত্বত শনিবাৰে জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে- ২০০৩ চনত সম্পূৰ্ণ একপক্ষীয়ভাৱে বিটিচি চুক্তি সম্পন্ন হোৱাৰ পিছৰে পৰাই বিটিএডি এলেকাত বসৱাস কৰা ধৰ্মীয় সংখ্যালঘু লোকসকল মাথো বঞ্চনা আৰু লাঞ্চনাৰ সন্মুখীন হৈ আহিছে।

শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদিকে ধৰি সকলো দিশৰ পৰাই বঞ্চিত হোৱা ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে গোষ্ঠীসংঘৰ্ষৰ ফলত নিজৰ পৈত্ৰিক ভেটিও হেৰুৱাই চৰম দুৰ্দশাৰ সন্মুখীন হৈছে যদিও আজিলৈকে উপযুক্ত ক্ষণিপুৰণ নাপালে বুলি মন্তব্য কৰি ৰেজাউল কৰিম সৰকাৰে গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্থ হোৱা প্ৰতিটো  পৰিয়ালক উপযুক্ত ক্ষতিপুৰণ দিবলৈ দাবী উত্থাপন কৰাৰ লগতে পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী চাকৰিত নিয়োগ কৰিবলৈও দাবী জনাইছে।

তদুপৰি ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই বছৰ অতিক্ৰম কৰাৰ পিছতো অদ্যপি প্ৰকৃত হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৰেজাউল কৰিম সৰকাৰে। আনহাতে সভাত উপস্থিত থকা আমছুৰ কাৰ্যকাৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস আৰু উপদেষ্ঠা আজিজুৰ ৰহমানে নিজ নিজ ভাষণত বিটিএডিত ধৰ্মীয় সংখ্যালঘু জনসাধাৰণে সম অধিকাৰ, সম উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি একপক্ষীয়ভাৱে সম্পন্ন হোৱা বিটিচি চুক্তি পুণৰীক্ষণৰ দাবী উত্থাপন কৰে।

ইয়াৰোপৰি বিটিচি পৰিষদীয় সমষ্টিত সাধাৰণ শ্ৰেণীৰ আসন বৃদ্ধি কৰা, ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰা, বড়োলেণ্ড বিশ্ববিদ্যালয়ত উৰ্দু আৰু আৰৱী শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি আমছুৱে দাবী পুৰণ নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিছে।

জাউলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা আজিৰ সভাত সাংগঠনিক সম্পাদক আনোৱাৰ হুছেইন, উপ সভাপতি ৰফিকুল ইছলাম আদিকে ধৰি আমছুৰ বহুসংখ্যক নেতাই অংশগ্ৰহণ কৰাৰ বিপৰীতে কেবাশতাধিক ৰাইজে সভাত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in