শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

এনআৰচিক লৈ আমচু নেতা আজিজুৰ ৰহমান, “সকলো লোক ভাই-ভাই হৈ থাকিব লাগে…” VIDEO

442

ডিজিটেল সংবাদ, কামপুৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু হাইলাকান্দিৰ ঘটনাৰ সম্পৰ্কত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আজিজুৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নগাওঁ জিলাৰ কচুৱা আঞ্চলিক ঈদগাহ পথাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ কচুৱা আঞ্চলিক সমিতি তথা কচুৱা সচেতন নাগৰিক মঞ্চৰ যৌথ উদ্যোগত এনআৰচিৰ বিষয়ৰ ওপৰত এক বিশাল সজাগতা সভাত অংশ লৈ সাংবাদিকৰ আগত এই দুয়োটা বিষয়ৰ ওপৰত মন্তব্য কৰে আজিজুৰ ৰহমানে। এনআৰচিখন ৰাজনৈতিক দলৰ হাথিয়াৰ হৈছে। চল্লিছ বছৰে অসমৰ ৰাইজে এনআৰচিখন বিচৰা পিছতো হোৱা নাছিল।ৰাজনৈতিক দলবোৰে পূৰ্বৰ পৰা এনআৰচিখন ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। ৰাজনৈতিক দলবোৰে এনআৰচিখনৰ প্ৰতি কোনো সদ্দিচ্ছা দেখুৱাই অহা  নাই।

একমাত্ৰ অসমৰ ৰাইজৰ সহযোগত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে এনআৰচিখন হবলৈ গৈ আছে। এই মন্তব্য আমচুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ। তেওঁ ইয়াকো কয় যে, ৰাজনৈতিক দলবোৰে আজিও এনআৰচিখনক লৈ ৰাজনীতি কৰি আছে। অসমৰ সকলো জাতি জানগোষ্ঠী লোক সদায় ভাই ভাই হৈ জীয়াই থকাৰ লগতে অবৈধ বিদেশীৰ বিষয়টোক লৈ ৰাজনৈতিক দলবোৰে ৰাজনীতি কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ থাকিবৰ বাবে অসমৰ ৰাইজৰ প্ৰতি তেওঁ আহ্বান কৰে।

ইফালে হাইলাকান্দিত সংঘটিত মানৱ সমাজক লজ্জিত কৰা ঘটনাক তেওঁ ধিক্কাৰ দিয়ে। ইয়াৰ বাবে দোষীক উপযুক্ত শাস্তি দিবৰ বাবে আহ্বান জনায়। ঘটনাটো আৰক্ষীৰ হেমাহিৰ বাবেই হবলৈ পালে বুলি মন্তব্য কৰে আজিজুৰ ৰহমানে। তেওঁ ঘটনাটোত উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবী কৰে। দুজন আৰক্ষীৰ মাজত বুজা পৰা নথকাৰ বাবেই হাইলাকান্দিৰ ঘটনা সংঘটিত হোৱা বুলি কৈ ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে আৰক্ষী প্ৰশাসনৰ প্ৰতিও আহ্বান জনায় আমচু নেতাগৰাকীয়ে।

সচেতন নাগৰিক মঞ্চৰ নেতা তথা শিক্ষক আঃ ছালামৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰা কেবা সহাস্ৰাধিক বৃহত্তৰ কচুৱাবাসী ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে আমছুৰ ৰাজ্যিক সমিতিৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে দেশে স্বাধীনতা পোৱাৰ ৭৩ বছৰ পিছতো অসমৰ ধৰ্মীয় সংখ্যালঘু তথা ভাষিক সংখ্যালঘু ৰাইজক বিদেশীৰ নামত কৰা হাৰাশাস্তি কোনো ৰাজনৈতিক দলে কিয় কৰা নাই বুলি জবাবদিহি কৰি ৰাজ্যখনৰ সকলো ৰাজনৈতিক দলে এই সংখ্যালঘু ৰাইজক ফুটবলৰ দৰে ব্যৱহাৰ কৰি আছে বুলি দোহাৰে।

বহুপ্ৰতিক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন প্ৰকাশ হোৱালৈ ৰাজ্যখনৰ সকলো দল-সংগঠনে অপেক্ষা কৰি আছিল যদিও যোৱা ৩১ ডিচেম্বৰত এনআৰচিখনৰ খচৰা প্ৰকাশ হোৱাৰ পিচতেই সেই সংগঠনেই এন আৰচিখন শুদ্ধ হোৱা নাই বুলি কোৱা কাৰ্যক তীব্ৰ প্ৰত্যাহ্বান জনাই  কয় যে, সদ্যপ্ৰকাশিত এনআৰচিখনত মাত্ৰ এশজন অবৈধ নাগৰিক অন্তৰ্ভূক্ত হৈছে বুলি দেখুৱাই দিবলৈ আহ্বান জনায়৷ এনআৰচিখন উচ্চতম ন্যায়ালয়ৰ তত্তাৱধানত হৈছে গতিকে যিকোনো সংগঠনেই যিমানেই প্ৰতিবাদ নকৰক এনআৰচি বাতিল হব নোৱাৰে বুলি কোৱাৰ লগতে এনআৰচিৰ পৰা বাদ পৰা সকলে হতাশাত ভুগিব নালাগে বুলি কয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি