‘৮৩ৰ নেলীৰ গণহত্যাৰ ভুক্তভোগী পৰিয়ালে আজিও পোৱা নাই ন্যায়

‘৮৩ৰ নেলীৰ গণহত্যাৰ ভুক্তভোগী পৰিয়ালে আজিও পোৱা নাই ন্যায়

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ১৯৮৩ চনত সংঘটিত নেলীৰ লোমহৰ্ষক গণহত্যাৰ সুদীৰ্ঘ ৩৫টা বছৰ অতিক্ৰম কৰাৰ পিছতো দুৰ্ভগীয়া ভুক্তভোগী পৰিয়ালসকলে আজিও ন্যায় নাপালে। তাৰেই প্ৰতিবাদত সোমবাৰে গোৱালপাৰা জিলা আমছুৱে পালন কৰে ক'লা দিৱস। ভালুকডুবি আঞ্চিলক আমছুৰ সহযোগত ভালুকডুবিস্থিত জিলা আমছুৰ কাৰ্যালয়ত কৰ্মকৰ্তাসকলে প্ৰতিবাদী ক'লা দিৱস পালন কৰে। জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিব দিয়া মতে সোমবাৰে পুৱা ১১ বজাত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীৰ গণহত্যাত নিহত হোৱা সকলৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে এখনি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়।

এই গণহত্যাৰ সুদীৰ্ঘ ৩৫ বছৰ অতিক্ৰম কৰাৰ পিছতো কোনো এখন চৰকাৰে ভুক্তভোগী দুৰ্ভগীয়া পৰিয়ালসকলক আজিলৈকে উপযুক্তভাৱে ন্যায় প্ৰদান কৰা নাই। তাৰেই প্ৰতিবাদ আৰু উপযুক্ত ন্যায় প্ৰদানৰ দাবীত আমছুৰ অৰ্ধশতাধিক কৰ্মকৰ্তাই সোমবাৰে ক'লা বেজ পৰিধান কৰি ক'লা দিৱস উদযাপন কৰে। আমছুৰ একাংশ জিলা পৰ্যায়ৰ ছাত্ৰ নেতাই আগিয়া-গোৱালপাৰাৰ ৰাজপথৰ কাষত বহু সময় ধৰি নেলী গণহত্যাৰ ন্যায়িক তদন্ত কৰক, আমছু জিন্দাবাদ আদি শ্ল'গানৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰশাসন আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।

আমছুৰ জিলা সভাপতিগৰাকীয়ে বিজ্ঞপ্তিটোত অভিযোগ কৰি কয়- নেলীৰ গণহত্যাকাৰীসকলে আজিলৈকে শাস্তি নাপালে। আনকি এই হত্যাকাণ্ডত নিহত বা আহতসকলৰ পৰিয়ালক কোনো এখন চৰকাৰে কোনো ধৰণৰ ক্ষতিপূৰণ দিবলৈও আগ্ৰহ প্ৰকাশ কৰা নাই। বৰং প্ৰতিখন চৰকাৰে যোৱা শতিকাৰ জঘন্যতম হত্যাকাণ্ডটোক প্ৰকাৰান্তৰে গাপ দিবলৈহে অহৰহ চেষ্টা কৰি আহিছে। নেলীৰ হত্যাকাণ্ডৰ তদন্তৰ ফলাফল আজিলৈকে কিয় ৰাজহুৱা কৰা নহ'ল তাৰ প্ৰশ্ন উত্থাপন কৰি অতি শীঘ্ৰেই নেলীৰ গণহত্যাৰ পুনৰ সঠিক ন্যায়িক তদন্ত কৰি ক্ৰমে নিহত আৰু আহতৰ পৰিয়াকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ছাত্ৰ নেতা আমিনুল হক চৌধুৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in