অমৃতসৰৰ ৰেল দুৰ্ঘটনা সংঘটিত কৰা চালকজনে আত্মহত্যা কৰাৰ মিছা খবৰ ভাইৰেল

অমৃতসৰৰ ৰেল দুৰ্ঘটনা সংঘটিত কৰা চালকজনে আত্মহত্যা কৰাৰ মিছা খবৰ ভাইৰেল

ডিজিটেল ডেস্কঃ অমৃতসৰৰ চৌৰা বজাৰত ৰেল দুৰ্ঘটনাত নিহত হৈছিল ৬১জন লোক। জলন্ধৰ-অমৃতসৰ এক্সপ্ৰেছে মহতিয়াই নিছিল দছেৰা উপভোগ কৰি থকা শতাধিক লোকক। সেই কৰুণা ঘটনা সংঘটিত হোৱা ৰেলখনৰ চালকজনে অনুতপ্ত হৈ আত্মহত্যা কৰা খবৰ ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত। একাংশ লোকে এখন আত্মহত্যা টোকাসহ ৰঙা টি-ছাৰ্ট পৰিহিত এজন লোকৰ ফটো দি এই খবৰ বিয়পাইছিল।

আত্মহত্যা টোকাত এই ঘটনাৰ বাবে অনুতপ্ত হৈ লোকজনে আত্মহত্যা কৰা বুলি কোৱা হৈছিল। মুহূৰ্তৰ ভিতৰতে এই খবৰ বিয়পি পৰিছিল ছ'চিয়েল মিডিয়াত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকেও সেই খবৰৰ সত্যতা নিৰূপনৰ বাবে যোগাযোগ কৰিছিল ৰেল কৰ্তৃপক্ষৰ সৈতে। পোহৰলৈ অহা তথ্য মতে, এই ৰেলখনৰ চালকজনে আত্মহত্যা কৰা খবৰ মিছা। কোনো অজ্ঞাত উৎসৰ পৰা ৰেলখনৰ চালক অৰবিন্দ কুমাৰে আত্মহত্যা কৰা বুলি যি খবৰ সম্প্ৰচাৰ কৰা হৈছিল, সেয়া আছিল উৰা বাতৰি।

বৰ্তমান এই ৰেলখনৰ চালকজন পঞ্জাৱ ৰেলৱে আৰক্ষীৰ জিম্মাত আছে। অমৃতসৰ ৰেল ষ্টেচনৰ উচ্চপদস্থ বিষয়া অমিত সিঙেও এই খবৰ উৰা বাতৰি বুলি সদৰী কৰিছে। অৱশ্যে সেই ৰেলখনৰ চালকজনৰ নামো এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। অৰবিন্দ কুমাৰ নামৰ কোনো লোক এই দুৰ্ভগীয়া ৰেলখনৰ চালক নাছিল বুলিও ৰেল কৰ্তৃপক্ষই সদৰী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in