চিকাগ’ত অসম সন্তান অমৃত প্ৰীতমে উদ্বোধন কৰিলে আন্তঃৰাষ্ট্ৰীয় ইণ্ডি ছবি মহোৎসৱ…

চিকাগ’ত অসম সন্তান অমৃত প্ৰীতমে উদ্বোধন কৰিলে আন্তঃৰাষ্ট্ৰীয় ইণ্ডি ছবি মহোৎসৱ…

ডিজিটেল ডেস্কঃ চিকাগ'ত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় ইণ্ডি ফিল্ম ফেষ্টিভেল। অসম সন্তান তথা বলিউডৰ প্ৰতিষ্ঠিত ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতমে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে এই ছবি মহোৎসৱ। ১১ অক্টোবৰত এই ছবি মহোৎসৱৰ শুভাৰম্ভ হ'লেও ২৬ নবেম্বৰৰ পৰা ৩ ডিচেম্বৰ, ২০২১লৈকে এই মহোৎসৱ অনুষ্ঠিত হ'ব।

এই মহোৎসৱৰ আৰম্ভণি আৰু সমাপ্তি অনুষ্ঠান পৃথককৈ চিকাগ'ৰ এখন থিয়েটাৰ হলত অনুষ্ঠিত কৰিব আয়োজকে। সকলোৰে বাবে মুকলি থকা ইণ্ডি ফিল্ম ফেষ্টিভেলৰ বিষয়বস্তু হৈছে হেৰিটেজ, লিবাৰ্টি আৰু ইকুৱেলিটি । আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ এই বানীৰে এইবাৰ ইণ্ডি ফিল্ম ফেষ্টিভেলৰ থীম লোৱা হৈছে।

আন্তঃৰাষ্ট্ৰীয় এই ছবি মহোৎসৱৰ আৰম্ভণিৰ বন্তি প্ৰজ্বলন কৰি অমৃত প্ৰীতমে কয়- বলিউড আৰু হলিউড বিশ্বৰে দুই বৃহৎ ছবি উদ্যোগ। সকলো দেশৰ লগতে মূলখুটিৰ চিনেমাৰ সৈতে একাংশ যুৱ প্ৰজন্মৰ আত্মপ্ৰকাশ অতি সন্তুষ্টিৰ কথা। এই মহোৎসৱ তেওঁলোকৰ বাবে, যিসকলে স্বতন্ত্ৰভাৱে ছবি নিৰ্মান আৰু তেওঁলোকৰ গুৰুত্বপূৰ্ণ কাহিনীসমূহ ক'ব পাৰে।

উল্লেখযোগ্য যে, মাৰ্কিন মোচন পিকচাৰ ছাউণ্ড এডিটৰৰ পৰা চাৰিটাকৈ গোল্ডেন ৰিল মনোনয়ন লাভ কৰা অমৃত প্ৰীতম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, প্ৰডিউচাৰ গীল্ড অৱ ইণ্ডিয়া বঁটা, গোল্ডেন ৰিল এৱাৰ্ড, মোচন পিকচাৰ ছাউণ্ড এডিটৰ্ছ ইউএছএ আদি সন্মানৰ উপৰিও তেওঁ একাডেমী অৱ মোচন পিকচাৰ আৰ্ট এণ্ড ছায়েঞ্চৰো সদস্য।

এই ফিল্ম ফেষ্টিভেলৰ মুখ্য উপদেষ্টা বৰ্ডত আছে তিনিবাৰকৈ নেশ্যনেল ফিল্ম এৱাৰ্ড বিজয়ী গীতিকাৰ তথা প্ৰযোজক অমিত খান্না। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ সঞ্চালিকা মনিতা বৰগোঁহাই গোৱা এন্টাৰটেইমেন্ট চচাইটিৰ কাৰ্যবাহী সদস্য তথা ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন চমুকৈ আইচিচিআৰ গোৱা শাখাৰ সদস্য দীনেশ মোঘে হ'ল এই ইণ্ডি ফিল্ম ফেষ্টিভেলৰ বৰ্ডৰ আন দুগৰাকী সদস্য।

এই ছবি মহোৎসৱৰ প্ৰিভিউ কমিটীত আছে ৰাজেশ শ্বাহ, চৈলিনী শ্বাহ। উল্লেখযোগ্য যে, ২ অক্টোবৰতে এই ছবি মহোৎসৱৰ ৱেবচাইট উন্মোচন কৰা হৈছিল। ঐতিহ্য, স্বতন্ত্ৰতা আৰু ক্ষমতা সমল কৰি লোৱা এই ছবি মহোৎসৱৰ বাবে ছবি নিৰ্মাতা সকলে ১১ অক্টোবৰ পৰ্যন্ত ছবি জমা দিয়া দিন নিৰ্ধাৰণ কৰা হৈছে। ইণ্ডিজেনাছ পিপলছ ডে' অৰ্থাৎ আমেৰিকাৰ ঐতিহ্যৰ বাবে এক উল্লেখযোগ্য দিন। সেই দিনটোৰ পৰাই এই ছবি মহোৎসৱৰ যোগদানৰ বাবে যোগ্যতা অৰ্জন কৰা ছবি সমূহ প্ৰদৰ্শন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in