কৰ্কট ৰোগৰ সম্ভৱনা হ্ৰাস কৰা ১০ বিধ খাদ্য

asomiyapratidin

ব্ৰক'লি

কৰ্কট ৰোগৰ সম্ভৱনা হ্ৰাস কৰিব পৰা খাদ্য সমূহৰ ভিতৰত অন্যতম হৈছে ব্ৰক'লি । ব্ৰক'লিত থকা চালফ'ৰফেনে কৰ্কট, বিশেষকৈ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ৭৫ % হ্ৰাস কৰে

ব্ৰক'লি

গাজৰ

বিভিন্ন গুণসমৃদ্ধ গাজৰ হৈছে এই তালিকাৰ দ্বিতীয় খাদ্য । গাজৰে পাকস্থলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় ২৬ % হ্ৰাস কৰে

গাজৰ

বিন

কৰ্কট ৰোগৰ বাবে আঁহযুক্ত খাদ্য হৈছে অমৃত সদৃস । এই খাদ্য তালিকাৰ অন্যতম খাদ্য হৈছে বিন । কলেক্ট'ৰেল কৰ্কট ৰোগৰ ক্ষেত্ৰত বিন বহু পৰিমাণে সম্ভাৱনা হ্ৰাস কৰে

বিন

আঙুৰ

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা আন এক খাদ্য হৈছে আঙুৰ । ই কৰ্কট ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে । বিশেষকৈ পাকস্থলীৰ কৰ্কট ৰোগৰ বাবে আঙুৰ অতিকৈ উপকাৰী

আঙুৰ

ডালচেনী

কেৱল কৰ্কট ৰোগেই নহয় বৰং ডালচেনীৰ আছে আন বহু কেইটা উপকাৰী গুণ । কৰ্কট ৰোগৰ সম্ভৱনা হ্ৰাস কৰাৰ ওপৰিও মধুমেহ ৰোগৰ বাবেও উপকাৰী ডালচেনী

ডালচেনী

বাদাম

বাদামত থকা বহু কেইটা প্ৰাকৃতিক উপাদান কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে উপকাৰী । বাদামত থকা চেলেনিয়াম নামৰ উপাদানে হাওফাওৰ কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় ৬০% লৈ হ্ৰাস কৰে

বাদাম

জলফাইৰ তেল

জলফাইৰ তেল হৈছে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা এক অন্যতম খাদ্য । বিশেষকৈ পাকস্থলী আৰু স্তনৰ কৰ্কট ৰোগৰ বাবে জলফাইৰ তেল এক সঞ্জীৱনী সুধা সদৃস

জলফাইৰ তেল

হালধি

হালধিৰ উপকাৰী সম্বন্ধে পঢ়ুৱৈসকলক পুনৰ এবাৰ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নিশ্চয়কৈ নাই কিন্তু এই হালধিয়েই কৰ্কট ৰোগৰো সম্ভৱনা হ্ৰাস কৰে বুলি শেহতীয়াকৈ প্ৰমাণ হৈছে

হালধি

চাইট্ৰাছ ফল

যিকোনো ধৰণৰ টেঙা ফল যেনে নেমু, কমলা টেঙা আদিত চাইট্ৰিক এচিড থাকে যি কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত এক মুখ্য ভূমিকা বহন কৰে । সেয়েহে দৈনিক খাদ্যাভাষত চাইট্ৰাচ ফলো গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে সকলোৱে

চাইট্ৰাছ ফল

বিলাহী

দুখীয়াৰ আপেল" বুলি বিখ্যাত বিলাহীৰ আছে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা কেইবাটাও উপাদান । ই কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় ৩৯% হ্ৰাস কৰে