এই কেইগৰাকী খেলুৱৈৰ বাবে হ'ব পাৰে এয়াই অন্তিম আই পি এল

চেন্নাই ছুপাৰ কিংছৰ অন্যতম সফল খেলুৱৈ তথা অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বাবে হ'ব পাৰে এইখনেই অন্তিম আই পি এল

৩৭ বছৰীয়া বাওঁহতীয়া বিষ্ফোৰক অপেনাৰ গৰাকীৰ বাবে হ'ব পাৰে এইখন অন্তিম আই পি এল । পাঞ্জাৱ কিংছৰ অপেনাৰ ৰূপে এইবাৰ দেখা যাব শিখৰ ধাৱানক

দিল্লী কেপিটেলছৰ নিৰ্ভৰযোগ্য বেটছমেন তথা আই পি এলৰ অন্যতম সফল ৰান সংগ্ৰহকাৰী ডেভিদ ৱাৰ্নাৰৰ বাবেও হ'ব পাৰে এইখনেই অন্তিম আই পি এল

প্ৰায় তিনি বছৰৰ পাছত প্ৰত্যাৱৰ্তন ঘটিব ৪০ বছৰীয়া লেগ স্পীনাৰ অমিত মিশ্ৰাৰ । স্পীনৰ যাদুৰে অন্তিম বাৰৰ বাবে দৰ্শকক আই পি এলৰ পূৰ্ণ সোৱাদ দিবলৈ নিশ্চয়কৈ চেষ্টা কৰিব খেলুৱৈগৰাকীয়ে ।

মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছীত হয়তো শেষ বাৰৰ বাবে দেখা যাব পীয়ুষ চাওলাক । ৩৪ বছৰীয়া স্পীনাৰ গৰাকীৰ যিকোনো মুহুৰ্ততে পৰিস্থিতি সলনি কৰিব পৰা ক্ষমতাই নিশচয়কৈ সফলতা কঢ়িয়াই আনিব দলটোলৈ ।

ভাৰতীয় ক্ৰিকেটত চিৰ তৰুণ দিনেশ কাৰ্তিকৰ বাবেও হ'ব পাৰে এইখনেই অন্তিম আই পি এল । বিগত আই পি এলত বিষ্ফোৰক প্ৰদৰ্শন দাঙি ধৰা দিনেশ কাৰ্তিকে এইবাৰৰ আই পি এলৰ পাছত ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰাৰো সম্ভাৱনা নথকা নহয় ।

৩৮ বছৰীয়া উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাৰ বাবেও হ'ব পাৰে এইখন অন্তিম আই পি এল । এসময়ৰ টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ অন্যতম চিনাকী নাম ঋদ্ধিমান সাহাই খেলপথাৰত অৱতীৰ্ণ হ'ব গুজৰাট টাইটানছৰ হৈ ।