বয়সৰ চাপ পৰাৰ পৰা ছালখনক এইদৰে দিয়ক সুৰক্ষা

দিনটোৰ কাম-কাজৰ বাবে ধূলি-মাকতি লাগি ছালখন লেতেৰা হৈ পৰে।সেয়েহে আপুনি দিনটোৰ অন্তত ছালত মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰিব। 

২০ বছৰ বয়সৰ পিছত মুখত শালমইনা, ডাঠ দাগে দেখা দিয়ে।এনে পৰিস্থিতিত আপুনি ভিটামিন-চি ক্ৰীমৰ উপৰিও মুখত ভিটামিন-চি চিৰাম ব্যৱহাৰ কৰিব। 

আমি ঘৰৰ বাহিৰলৈ ওলালে ইউভি ৰশ্মিৰ প্ৰভাৱ আমাৰ গাত পোনপটীয়াকৈ পৰে। সেয়েহে, যেতিয়াই আপুনি ঘৰৰ বাহিৰলৈ যায়, ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব।

মুখৰ মৃত কোষবোৰ পৰিস্কাৰ কৰাৰ বাবে সপ্তাহত এবাৰ স্ক্ৰাব কৰাটো অতি গুৰুত্বপূৰ্ণ।