নিশা টোপনি নহাৰ কাৰণ এইকেইটা, অভিভাৱকসকল সাৱধান হওক

অত্যাধিক ঔষধ খোৱা

অধিক ঔষধ খোৱাৰ ফলত শিশুৰ টোপনিত প্ৰভাৱ পৰে। সেয়েহে শিশুটোক যিকোনো ধৰণৰ ঔষধ দিয়াৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী।

পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱ

বিশেষজ্ঞসকলৰ মতে, শিশু এটাৰ চাৰিওফালটো পৰিস্কাৰ-পৰিচ্ছন্ন হৈ নাথাকিলেও সিহঁতৰ টোপনিত প্ৰভাৱ পৰে। 

সঠিক ৰুটিনৰ অভাৱ

শিশুটোৰ ৰাতি শোৱাৰ এটা সঠিক সময় থাকিব লাগে।কিন্তু অধিকাংশ শিশুৰে বিচনালৈ যোৱাৰ সঠিক সময় নাথাকে।

অত্যাধিক চাপ

যদি শিশুটোৰ যিকোনো ধৰণৰ চাপ থাকে, তেতিয়া ই সিহঁতৰ টোপনিক প্ৰভাৱিত কৰিব পাৰে।

স্ক্ৰীণত অধিক মনোনিৱেশ

যদি শিশুৱে নিশা দীঘলীয়া সময়ৰ বাবে টিভি চায়, ই তেওঁলোকৰ চকুত চাপ দিয়ে। যাৰ ফলত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে।