বৰ্ষাপাৰাত উজলিল এইসকল খেলুৱৈ

Asomiya Pratidin

যশস্বী জয়ছোৱাল

ৰাজস্থান ৰয়েলছৰ অ'পেনিং বেটছমেন তথা প্ৰতিভাৱান ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল গুৱাহাটীত উজলি উঠিবলৈ সক্ষম হয়। তেওঁ ৬০ ৰানৰ নিৰ্ণায়ক ইনিংছ খেলাৰ উপৰিও উল্লেখনীয় কেচ আয়ত্ত কৰি দুৰ্দান্ত ফিল্ডিং কৰে।

যশস্বী জয়ছোৱাল | IPL

ডেভিড ৱাৰ্ণাৰ

অষ্ট্ৰেলিয়াৰ অভিজ্ঞ অ'পেনাৰ তথা দিল্লী কেপিটেলছৰ অধিনায়ক ডেভিড ৱাৰ্ণাৰ। তেওঁ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰে অনুষ্ঠিত মেচখনত অধিনায়কোচিত ৬৫ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে এইগৰাকী তাৰকা বেটছমেনৰ আই পি এলত আছে ঈৰ্ষণীয় সফলতা। অৱশ্যে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হয়।

ডেভিড ৱাৰ্ণাৰ | IPL

ৰবিচন্দ্ৰণ অশ্বিন

বিশ্বৰ যিকোনো বেটছমেনৰ বাবে মূৰৰ কামোৰণি ৰবিচন্দ্ৰণ অশ্বিন। স্পীনৰ যাদুৰে প্ৰতিপক্ষৰ বেটছমেনক পেভিলিয়ৰ বাট দেখুওৱাত সিদ্ধহস্ত। ছন্দৰ সলনি নহ'ল বৰ্ষাপাৰাৰ সেউজ ঘাঁহনিতো। গড়ে ৬.২৫ ৰানৰ বিনিময়ত তেওঁ লাভ কৰে ২টা উইকেট।

ৰবিচন্দ্ৰণ অশ্বিন | IPL

ট্ৰেণ্ট ব'ল্ট

ট্ৰেণ্ট ব'ল্ট নামেই যাৰ পৰিচয়। ৰাজস্থান ৰয়েলছৰ অন্যতম অস্ত্ৰ। নিউজিলেণ্ডৰ দীৰ্ঘদেহী পেচাৰগৰাকীয়ে বৰ্ষাপাৰাত প্ৰথমটো অ'ভাৰতে মেইডেনসহ লাভ কৰে ২টা উইকেট। মেচখনত তেওঁ সৰ্বমুঠ ৩টা উইকেট লাভ কৰি দলৰ জয়ত অন্যতম ভূমিকা লয়।

ট্ৰেণ্ট ব'ল্ট | IPL

য়ুজবেন্দ্ৰ চহল

বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম অস্ত্ৰ য়ুজবেন্দ্ৰ চহল। যিকোনো মূহুৰ্ততে ভয়াৱহ হৈ উঠাৰ ক্ষমতা এইগৰাকী খেলুৱৈৰ আছে। যিকোনো বেটছমেনৰ বাবে মূৰৰ কামোৰণি য়ুজবেন্দ্ৰ চহল। দিল্লী কেপিটেলছৰে হোৱা মেচখনত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ লাভ কৰে ৩টাকৈ উইকেট।

য়ুজবেন্দ্ৰ চহল | IPL

জে'মচ বাটলাৰ

ৰাজস্থান ৰয়েলছৰ অ'পেনিং তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন জে'মচ বাটলাৰ। আই পি এলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ লগতে কমলা টুপীৰ অধিকাৰী তেওঁ। বাটলাৰে বৰ্ষাপাৰাত ৭৯ ৰানৰ ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ জয়ত মূখ্য ভূমিকা লোৱা বুলি ক'লেও বঢ়াই কোৱা নহ'ব । আনহাতে এই বৰ্ষাপাৰাতে তেওঁ লাভ কৰে কমলা টুপী।

জে'মচ বাটলাৰ | IPL

ছিমৰণ হেটমায়াৰ

ছিমৰণ হেটমায়াৰ যিয়ে শেহতীয়াকৈ এক প্ৰকাৰ ফিনিশ্বাৰৰ ভূমিকা পালন কৰি আহিছে। ল'ৱাৰ অৰ্ডাৰৰ বাবে ভয়াৱহ বেটছমেন। যিকোনো বলাৰৰ বাবে যিকোনো মূহুৰ্তত ভয়াৱহ হৈ উঠে এইগৰাকী তাৰকা ক্ৰিকেটাৰ। বৰ্ষাপাৰাত মাত্ৰ ২১ বলত ৩৯ ৰানত অপৰাজিত থাকি দলক উল্লেখনীয় বৰঙণি যোগায়। তেওঁৰ ইনিংছটোত আছিল ৪টাকৈ মাৰমুখী ছিক্সাৰ।

ছিমৰণ হেটমায়াৰ | IPL

শেষত যিয়ে নহওঁক চলিত আই পি এলত এইসকল খেলুৱৈ আৰু অধিক ৰূপত উজলি উঠিব বুলি আশা কৰিলোঁ।

IPL