এই ৬ বিধ ঔষধিগুণযুক্ত ফুলৰ কথা জানিলে আচৰিত হব আপুনিও

asomiyapratidin

১. জবা

আয়োৰ্বেদিক চাহত বহুলভাৱে ব্যৱহৃত জবা ফুলে উচ্চ ৰক্তচাপ কমোৱাৰ উপৰিও ৰক্তক্ষৰণ, পাইলচ, ডায়েৰিয়া, চুলি সৰা, কাহ আদি ৰোগো নিৰ্মূল কৰে। গৰ্ভনিৰোধক হিচাপেও ইয়াৰ যথেষ্ট উপযোগিতা আছে।

২. গোলাপ

হাঁপানী, ব্ৰংকাইটিছ, ডিপেপচিয়া, পেটফুলা, চৰ্মৰোগ, কৌষ্ঠকাঠিন্য, চকুৰ অসুখ আদি ৰোগ নিৰাময় কৰাৰ লগতে গৰ্ভৱতী মহিলাসকলৰ বাবেও গোলাপফুলৰ সেৱন অতি উপকাৰী।

৩.প্লুমেৰিয়া

ছালৰ ৰোগ,  ঘাঁ, আলচাৰ আদি বিভিন্ন ৰোগৰ বাবে আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হোৱাৰ উপৰিও প্লুমেৰিয়া ফুল বমি, জ্বৰ, মূৰ ঘূৰোৱা, কাহ আৰু ব্ৰংকাইটিছৰ চিকিৎসাতো ব্যৱহাৰ কৰা হয়।

৪. গোল্ডেন শ্বাৱাৰ গছ

ছালৰ ৰোগ, হৃদৰোগ, জণ্ডিচ, কৌষ্ঠকাঠিন্য, বদহজম, আনকি কাণৰ বিষৰ চিকিৎসাতো এই  ফুল উপযোগী।

৫. পদুম

পদুম দেহৰ উষ্ণতা নিয়ন্ত্ৰণ ,  ছালৰ ৰোগ,  জ্বলা-পোৰা,  ফোঁহা,  ডায়েৰিয়া আৰু ব্ৰংকাইটিছ হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

৬. শেৱালি

এনজাইটি, অনিদ্ৰা, স্নায়ুতন্ত্ৰৰ ৰোগ, পাচনতন্ত্ৰৰ সমস্যা,  ঋতুস্ৰাৱৰ বিষ,