ডেংগুৰ সময়ত এই ৫বিধ খাদ্যৰ পৰা দূৰত থাকিব

asomiyapratidin

মচলাযুক্ত খাদ্য

ডেংগু ৰোগীসকলে মচলাযুক্ত খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। এই ধৰণৰ খাদ্যই ডেংগু চিকিৎসাৰ প্ৰভাৱ হ্ৰাস কৰে।

জাংক ফুড

ভজা আৰু জাংক ফুড স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ডেংগু ৰোগীয়েও এই খাদ্যৰ পৰা দূৰত থাকিব লাগে।

কফি

কফিৰ দৰে কেফেইনযুক্ত পানীয় খালে শৰীৰক ডিহাইড্ৰেট কৰিব পাৰে, যাৰ ফলত প্লেটলেট পুনৰুদ্ধাৰ নহয় আৰু ডেংগু গুৰুতৰ হ'ব পাৰে।

আমিষ খাদ্য

ডেংগু ৰোগীসকলে আমিষ খাদ্য খোৱা পৰিহাৰ কৰিব লাগে।কিয়নো এনে খাদ্য ৰন্ধাৰ সময়ত বহু প্ৰকাৰৰ মচলা ব্যৱহাৰ কৰা হয়।

সুৰা

ডেংগুত ভুগি থকা লোকসকলে ভুলতো সুৰা সেৱন কৰিব নালাগে। সুৰা পান কৰিলে শৰীৰটো ডিহাইড্ৰেট হয়, যাৰ ফলত ৰোগীৰ প্লেটলেট কম হোৱাৰ সমস্যা হ'ব পাৰে।