৫০ বছৰীয়া হ'ল শচীন...

Asomiya Pratidin

লিটল মাষ্টাৰ

১৯৮৯ চনৰ ১৫ নৱেম্বৰত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছিল লিটল মাষ্টাৰে । ২৪টা বলত কেৱল ১৫ ৰান সংগ্ৰহ কৰা খেলুৱৈজনে ভৱিষ্যতে ১৫ হেজাৰ ৰান সংগ্ৰহ কৰিব বুলি কোনোবাই কল্পনা কৰিব পাৰিছিল নে ?

মাষ্টাৰ ব্লাষ্টাৰ

২০১০ চনৰ ২৪ ফেব্ৰুৱাৰীত মাষ্টাৰ ব্লাষ্টাৰে ৰচিলে অন্য এক ইতিহাস । এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা প্ৰথম গৰাকী বেটছমেনৰূপে পৰিচিত হ'ল খেলুৱৈগৰাকী । কেৱল ১৪৭টা বলতেই ২০০ ৰান সংগ্ৰহ কৰি ক্ৰিকেটক দিলে অন্য এক মাত্ৰা ।

দা টেন (১০)

নীলা ৰঙৰ ১০ নম্বৰ জাৰ্ছী পৰিহিত খেলুৱৈগৰাকী খেলপথাৰত নমা মানেই প্ৰতিপক্ষ অপ্ৰস্তুত হৈ পৰা । কেৱল বেটেৰেই নহয় বৰং বলিঙেৰেও গঢ়িছিল এই ইৰ্ষণীয় সফলতা । সমগ্ৰ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত সৰ্বমুঠ ২০১ টা উইকেট দখল কৰিছিল এইগৰাকী খেলুৱৈয়ে বলিঙেৰে । যেন সকলো দিশৰে পৰাই পাৰফেক্ট ১০ ।

আধুনিক যুগৰ ব্ৰেডমেন

২০১২ চনৰ ১৬ মাৰ্চত আন এক বিশ্ব অভিলেখৰ গৰাকী হ'ল আধুনিক যুগৰ ব্ৰেডমেন গৰাকী । আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত শততম শতকৰ জৰিয়তে গঢ়িলে অন্য এক ৰেকৰ্ড । য'ত ৫১টা শতক আছে টেষ্ট ক্ৰিকেটত আৰু ৪৯টা আছে এদিনীয়া অন্ত:ৰাষ্ট্ৰীয়ত ।

ডাক !

সকলো বেটছমেনৰেই আতংকৰ মূল কাৰণ হ'ল ডাক । অৰ্থাৎ শূণ্যতেই আউট হোৱা । কিন্তু শচীনক আউট কৰোৱা জানো ইমান সহজ ? খেলুৱৈগৰাকীয়ে একেলেথাৰিয়ে ৯১খন মেচত মুঠ ৪১৩৯ ৰান সংগ্ৰহ কৰিছিল এবাৰো শূণ্যত আউট নোহোৱাকৈ । এয়াই আছিল খেলুৱৈগৰাকীৰ মাহাত্ম্য ।

ফেৱাৰৱেল...

২০১৩ চনৰ ১৫ নৱেম্বৰত অন্তিমবাৰৰ বাবে ভাৰতীয় জাৰ্ছীত দেখা গৈছিল তেণ্ডুলকাৰক । যি যাত্ৰাৰ আৰম্ভণিও বগা জাৰ্ছীৰেই হৈছিল সেই বৰ্ণিল যাত্ৰাৰ সামৰণিও হৈছিল বগা জাৰ্ছীতেই ।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত সৰ্বমুঠ ৭৬টা ইনিংছ খেলিলে খেলুৱৈগৰাকীয়ে । ১৩টা অৰ্ধশতক আৰু ১টা শতকেৰে সংগ্ৰহ কৰিলে ২২৮১ ৰান ।

গড অৱ ক্ৰিকেট

গড অৱ ক্ৰিকেট । অৰ্থাৎ ক্ৰিকেটৰ ভগৱান । এই উপাধি আনুষ্ঠানিকভাৱে লাভ কৰিবলৈ শচীনক প্ৰয়োজন হৈছিল প্ৰায় ২০ বছৰৰ । ২০১১ চনৰ ২ এপ্ৰিলত বিশ্বকাপৰ ট্ৰ'ফী হাতত লোৱাৰ লগে লগেই সমগ্ৰ বিশ্বৰ একেমুখে কৈ উঠিল শচীন "গড অৱ ক্ৰিকেট"