RR vs DC : আজি গুৱাহাটীত দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছ

Asomiya Pratidin

আজি বিয়লি ৩.৩০ বজাত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ সন্মুখীন হ'ব দিল্লী কেপিটেলছ । ফৰ্মৰ সৈতে যুঁজি থকা দুয়োটা দলৰ বাবেই যিকোনো মুহুৰ্ততেই আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে বৰ্ষাপাৰ ষ্টেডিয়ামৰ ২২ গজৰ ফিল্ড

RR vs DC | IPL

জছ বাটলাৰ

আই পি এলৰ ইতিহাসৰ অন্যতম নিৰ্ভৰযোগ্য ৰান সংগ্ৰহকাৰী বেটছমেন হৈছে জছ বাটলাৰ । ৮৬৩ ৰানেৰে ২০২২ বৰ্ষৰ আই পি এলৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হৈ অৰেঞ্জ কেপৰ অধিকাৰী হৈছিল জছ বাটলাৰ ।

Jos Buttler | IPL

ডেভিড ৱাৰ্নাৰ

২০০৯ চনত দিল্লী কেপিটেলছৰ হৈ আই পি এলৰ যাত্ৰা আৰম্ভ কৰা ডেভিড ৱাৰ্নাৰ এতিয়া এগৰাকী অভিজ্ঞ খেলুৱৈ । আই পি এলৰ ইতিহাসত তৃতীয় গৰাকী সৰ্বাধিক ৰান সংগ্ৰহকাৰী ৱাৰ্নাৰৰ নামত আছে ৫৮৮১ ৰান ।

David Warner | IPL

জেছন হ'ল্ডাৰ

৬ ফুট ৭ ইঞ্চি উচ্চতাৰ কেৰিবিয়ান বলাৰ গৰাকীয়ে বেট-বল দুয়োটাৰেই ভয়াৱহ হৈ উঠিব পাৰে প্ৰতিপক্ষৰ বাবে । বিগত আই পি এলত ১২ খন মেচত ১৪ টা উইকেট গ্ৰহণ কৰা জেছন হল্ডাৰ গুৰুতৰ সময়ত এগৰাকী সুদক্ষ বেটছমেনো । বৰ্ষাপাৰৰ শ্ল' পিটছত হল্ডাৰৰ প্ৰদৰ্শন হ'ব দৰ্শনীয়

Jason Holder | IPL

অক্সৰ পেটেল

দিল্লী কেপিটেলছৰ দ্বিতীয় সৰ্বাধিক দামত ক্ৰয় কৰা অল ৰাউণ্ডাৰ অক্সৰ পেটেলে ইতিমধ্যে টি-২০ ফৰ্মেটত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে বিগত বৰ্ষ কেইটাত । কেৱল আই পি এলেই নহয় বৰং ভাৰতীয় টি-২০ দলটো ‍অক্সৰ পেটেলৰ অৱদান অনন্য । এইগৰাকী খেলুৱৈৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিব সমগ্ৰ দেশবাসীৰ

Axar Patel | IPL

ট্ৰেন্ট ব'ল্ট

নতুন বলত প্ৰাৰম্ভিক অভাৰত যিকোনো মুহুৰ্ততেই ভয়ংকৰ হৈ উঠিব পাৰে ট্ৰেন্ট ব'ল্ট । নিউজিলেণ্ডৰ এইগৰাকী বলাৰে ২০২০ বৰ্ষত মুম্বাই ইণ্ডিয়ানছৰ হৈ ১৫ খন মেচত সংগ্ৰহ কৰিছিল ২৫টা পৰ্যন্ত উইকেট । আজিৰ খেলতো দিল্লী কেপিটেলছৰ বেটছমেনৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব পাৰে ট্ৰেন্ট ব'ল্ট

Trent Boult | IPL

এনৰিক নৰ্কিয়া

এনৰিক নৰ্কিয়া, যাৰ নামেই যথেষ্ট প্ৰতিপক্ষৰ বেটছমেনৰ শিবিৰত সন্ত্ৰাস সৃষ্টি কৰিবৰ বাবে । নৰ্কিয়াৰ প্ৰত্যাৱৰ্তনৰ আশীৰ্বাদ হৈ পৰিছে ফৰ্মৰ সৈতে যুঁজি থকা দিল্লী কেপিটেলছৰ বাবে । নৰ্কিয়াৰ হাতৰ ৪ অভাৰ তিষ্ঠি থাকিব পাৰিলেই যেন আধা খেল জয় কৰিব ৰাজস্থানে

Anrich Nortje | IPL

আই পি এলৰ ট্ৰ'ফীৰ দৌৰত উভতি অহাৰ এয়াই সুন্দৰ সুযোগ । আজি যি দলেই জয়ী হ'ব সিয়েই ট্ৰ'ফীৰ যাত্ৰা অব্যাহত ৰাখিব সম্পূৰ্ণ আত্মবিশ্বাসৰ সৈতে

IPL