Asomiya Pratidin
আজি সন্ধিয়া ৭-৩০ বজাত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ
আজি একনা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ পূৰ্বে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে আই পি এল,২৩ৰ শুভাৰম্ভণি দিল্লী কেপিটেলছৰ বিৰুদ্ধে একেখন ষ্টেডিয়ামতে জয়লাভ কৰিছিল।
আনহাতে, ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০২৩ বৰ্ষৰ আই পি এলৰ ট্ৰফীৰ যাত্ৰা ৰাজস্থান ৰয়েলছৰ হাতত ৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰি কৰিছিল।
২০২২ বৰ্ষৰ এল এছ জি ফ্ৰেন্সাইজীয়ে ক্ৰয় কৰা এইগৰাকী বেটছমেনে বিগত বৰ্ষতেই ৫০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰে ভিতৰত বেটছমেনগৰাকীৰ ১৪০ (অপঃ) ৰানৰ দৰ্শনীয় ইনিংছ আছিল অন্যতম।
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নেতৃত্বৰ দায়িত্ব লোৱা এইডেন মাৰ্ক্ৰৰামৰ আই পি এলৰ যাত্ৰা এতিয়ালৈ বৰ বেছি সুখকৰ নহ'লেও চলিত বৰ্ষত বেটছমেনগৰাকীৰ পৰা বিস্ফোৰক ইনিংছৰ আশা কৰে দৰ্শকে।
ৱেষ্ট ইণ্ডিয়ান অলৰাউণ্ডাৰগৰাকীয়ে ২০২২ বৰ্ষৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ অভিষেক ঘটাই ২০২৩ বৰ্ষৰ আই পি এলত গড়ে ৬৩.০০ ৰানেৰে সৰ্বমুঠ ১২৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ পৰা উত্থান ঘটা শ্ৰেষ্ঠ খেলুৱৈসকলৰ অন্যতম হৈছে ৱাশ্বিংটন সুন্দৰ। বাওঁহতীয়া মিডল অৰ্ডাৰ বেটছমেন হোৱাৰ উপৰিও অফ স্পীনেৰে খেলপথাৰত প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি তোলাত সিদ্ধহস্ত খেলুৱৈগৰাকী।
তীব্ৰ গতিবেগেৰে নিক্ষেপ কৰা বলৰ বাবে বিখ্যাত মাৰ্ক উড। এই খেলুৱৈগৰাকীৰ কেৱল উপস্থিতিয়েই মূৰৰ কামোৰণি হৈ পৰিব পাৰে এল এছ জিৰ প্ৰতিপক্ষৰ বাবে।
দীৰ্ঘদিনীয়া আঘাতৰ পাছত প্ৰত্যাৱৰ্তন কৰা ভূৱনেশ্বৰ কুমাৰ বিগত কেইবাটাও আই পি এলৰ সংস্কৰণৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পেচ বলিঙৰ মুখ্য অস্ত্ৰ। খেলুৱৈগৰাকীৰ ক্ষুৰধাৰ বলিং আৰু ছুইং সন্দৰ্ভত সকলো ক্ৰিকেটপ্ৰেমীয়েই জ্ঞাত।