এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব

asomiyapratidin

আলু 

শীতল তথা শুকান ঠাইত সংৰক্ষণ কৰিলে আলুৰ সোৱাদ যথেষ্ট বৃদ্ধি হয়।

বিলাহী 

ফ্ৰীজত বিলাহী থ’লে ই নিজস্ব সোৱাদ হেৰুৱাই পেলায়।সেয়ে ইয়াৰ সোৱাদ অখুন্ন ৰাখিবলৈ বাহিৰতে থোৱা ভাল।

কল

ঠাণ্ডা ঠাইত থ’লে কল সোনকালে নপকে। পকিবলৈ হ'লে কলক এক মধ্যমীয়া তাপমাত্ৰাৰ প্ৰয়োজন।

বেঙেনা

বেঙেনা হৈছে উষ্ণতা সংবেদনশীল পাচলি। যাৰ বাবে ইয়াক ফ্ৰীজত দীঘলীয়া সময়ৰ বাবে ৰাখিলে ক্ষতিকাৰক হ'ব পাৰে।

মৌ

মৌক দীৰ্ঘসময়ৰ বাবে ভালে ৰাখিবলৈ ফ্ৰীজত থোৱাৰ প্ৰয়োজন নাই।

নহৰু

ফ্ৰীজত থোৱাৰ ফলত ইয়াৰ গজালি আহিব পাৰে।

পিয়াঁজ

পিয়াঁজ ফ্ৰীজত থ’লে ই কোমল হৈ পৰে।