বিহুৰ ধামখুমীয়াৰ মাজত আপোনাৰ শিশুটিক পৰিচয় কৰাই দিয়ক বিহুৰ বাদ্যযন্ত্ৰসমূহৰ সৈতে

Asomiya Pratidin

ঢোল

বিহুগীতত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় বাদ্য হ’ল ঢোল। ঢোলৰ তালি(বাওঁ হাতেৰে বজোৱা ফাল) কোবনী (সোঁহাতেৰে বজোৱা ফাল) ফালত কৈ কিছু ডাঙৰ হয়। অসমৰ অতিকৈ আদৰৰ এই ঢোলত বিভিন্ন লাগ, ঘাত, জুৰণি, ৰগৰ, চুচনি, বিভিন্ন ছেও, চালনা, ওজাহাত আদি বজোৱা হয়।

ঢোল

বাঁহী

বিহুৰ আন এবিধ জনপ্ৰিয় বাদ্য হ’ল বাঁহী। বাঁহী বাঁহৰ চুঙাৰে সজা হয়। ইয়াৰ ভিতৰটো ফোঁপোলা আৰু নিদিষ্ট দূৰত্বত কিছুমান বিন্ধা থাকে।

বাঁহী

তাল

বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল, এই বিধ বাদ্য ধাতুৰে নিৰ্মিত। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য।

তাল

পেঁপা

ব’হাগ বিহুত বজোৱা লোকবাদ্যসমূহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা। বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ। বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল।

পেঁপা

গগণা

বিহুগীত আৰু বিহুনৃত্যত মুখেৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল গগণা। আগলি বাঁহৰ লাহৰি গগণাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগণাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়।

গগণা

টকা

বিহুৰ নাচ-গানক অধিক তালবদ্ধ আৰু উৎসাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকে চেনেহৰ আগলি বাঁহৰ এপবীয়া "টকা" টি]। বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা আগলি বাঁহৰ এই সৰল বাদ্য বিধৰ নিৰ্মাণ প্ৰণালীও অতি সহজ। টকা হাতেৰে বজোৱা হয়, বজাওঁতে টক্ টক্‌ শব্দ কৰে বাবে এই বাদ্যযন্ত্ৰ বিধক টকা নাম দিয়া হ’ল।

টকা

সুতুলি

বাঁহীৰ দৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল সুতুলি। বিহুৰ বাদ্য হিচাবে সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে। জাকিমাৰি ওলোৱা নাচনী পখিলীৰ কঁকালৰ খোঁচনিত সুমোৱাই অনা মাটিৰ সুতুলিটোয়ে আমাৰ বিহুখনিৰ জেউতি চৰায়। সুতুলি মাটিৰে তৈয়াৰ কৰা বাদ্য। 

সুতুলি

বিহু অসমীয়া ৰাইজৰ বাপতি সাহোন । যিদৰে বিহু বুলিলেই অসমীয়াৰ হিয়া উলাহে নধৰা হয় সেইদৰেই কিন্তু বিহুৰ বাদ্যযন্ত্ৰসমূহৰ সৈতে নৱ প্ৰজন্মক চিনাকী কৰাই দিয়াৰ দায়িত্বও অসমীয়া ৰাইজৰেই...