Artemis II : ৫০ বছৰ পাছত চন্দ্ৰ অভিমুখী মানৱ জাতি, কিয় গুৰুত্বপূৰ্ণ এই অভিযান ?

Asomiya Pratidin

অভিযান এপ'লো-১১ : ২০ জুলাই,১৯৬৯

১৯৬৯ চনৰ ২০ জুলাইত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ বুকুত খোজ পেলাইছিল মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে এপ'লো-১১ অভিযানৰ জৰিয়তে । সেই যুগান্তকাৰী পদক্ষেপৰ সৈতেই মানৱ জাতিয়ে সূচনা কৰিলে এক নতুন যুগৰ ।

Apollo -11 | NASA

এপ'লো ১৭ : ডিছেম্বৰ ৭-১৯,১৯৭২

১৯৭২ চনৰ ডিছেম্বৰ মাহৰ ৭ তাৰিখে পুনৰ এবাৰ চন্দ্ৰ অভিমুখী যাত্ৰা কৰিছিল নাছাই । এই যাত্ৰাই আছিল মানৱ জাতিৰ চন্দ্ৰলৈ অন্তিম যাত্ৰা ।

Apollo-17 | NASA

আৰ্টেমিছ-২ : নৱেম্বৰ, ২০২৪

প্ৰায় ৫০ বছৰ পাছত পুনৰ আৰ্টেমিছ-২ অভিযানৰ জৰিয়তে পুনৰ চন্দ্ৰলৈ যোৱাৰ পৰিকল্পনা ৰচিছে মানৱ জাতিয়ে । ৪ গৰাকীকৈ মহাকাশচাৰীক লৈ ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহত উৰা মাৰিব আৰ্টেমিছ-২ ।

Artemis II Astronauts | NASA

ৰেইড ৱাইজমেন

৪৭ বছৰীয়া এইগৰাকী আমেৰিকান মহাকাশচাৰী আৰ্টেমিছ-২ অভিযানৰ কমাণ্ডাৰ ৰূপে যাব । ইয়াৰ পূৰ্বে ইন্টাৰনেছনেল স্পেছ ষ্টেছনত অভিযন্তা ৰূপে কৰ্মৰত আছিল ৰেইড ৱাইজমেন ।

Reid Wiseman | NASA

ভিক্টৰ গ্ল'ভাৰ

চন্দ্ৰৰ বুকুলৈ ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে এগৰাকী কৃষ্ণাংগ ব্যক্তি মহাকাশচাৰী ৰূপে যাব আৰ্টেমিছ-২ ৰ জৰিয়তে । ভিক্টৰ গ্ল'ভাৰ হৈছে এই অভিযানৰ পাইলট । বৰ্ণ বৈষম্যই আৱৰি পেলোৱা পৃথিৱীত এক নতুন পৃষ্ঠা ৰচনা কৰিলে ভিক্টৰে ।

Victor Glover | NASA

ক্ৰিষ্টিনা হেমক কোচ

ভিক্টৰ গ্ল'ভাৰৰ দৰেই আন এক ইতিহাস ৰচিলে ক্ৰিষ্টিনা হেমক কোচেও । চন্দ্ৰলৈ যাব লগীয়া প্ৰথমগৰাকী মহিলা মহাকাশচাৰী ৰূপে পৰিচিত হ'ল ক্ৰিষ্টিনা । এই অভিযানত মিছন স্পেছিয়েলিষ্ট অথবা অভিযান বিশেষজ্ঞৰূপে দেখা যাব মহাকাশচাৰীগৰাকীক ।

Christina Hammock Koch | NASA

জেৰেমী হাঞ্চেন

জেৰেমী হাঞ্চেন হৈছে চন্দ্ৰলৈ যাব লগীয়া প্ৰথমগৰাকী কান‍াডিয়ান নাগৰিকত্বৰ মহাকাশচাৰী । জেৰেমীও ক্ৰিষ্টিনাৰ দৰেই অভিযান বিশেষজ্ঞ অথবা মিছন স্পেছিয়েলিষ্ট ৰূপে যাব আৰ্টেমিছ-২ ত ।