তুলসী পাতৰ ঔষধি গুণ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক

তুলসী ভিটামিন চি আৰু জিংক সমৃদ্ধ।তুলসীয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে কাম কৰে।

জ্বৰ-বিষ দূৰ কৰে

তুলসীত থকা এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ভাইৰেল গুণে জ্বৰ হোৱাৰ পৰা শৰীৰটোক সুৰক্ষা দিয়ে।

চৰ্দি, কাহ,শ্বাস-প্ৰশ্বাসজনিত ৰোগ নিৰ্মূল কৰে

তুলসীত থকা কাম্ফেন, চিনোল আৰু ইউজেনোলে বুকুখনক ঠাণ্ডা লগাৰ পৰা ৰক্ষা কৰে।

চাপ-ৰক্তচাপ হ্ৰাস কৰে

তুলসীত অচিমুমোচাইড এ আৰু বি যৌগ থাকে। এই যৌগবোৰে চাপ হ্ৰাস কৰে আৰু মগজুৰ নিউৰোট্ৰেন্সমিটাৰ চেৰোটনিন আৰু ডোপামিনৰ ভাৰসাম্য কৰি ৰাখে।

কৰ্কট ৰোধী গুণাগুণ

তুলসীত থকা ফাইটোকেমিকেলবোৰৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণ আছে।এইবোৰে আমাক ছাল, যকৃত, মুখআৰু হাঁওফাঁওৰ কৰ্কটৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।

মধুমেহ ৰোগত উপকাৰী

তুলসীপাতৰ ৰসে টাইপ ২ ডায়বেটিচ থকা ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।

বৃক্কৰ পাথৰ,গাউটি আৰ্থ্ৰাইটিছত উপযোগী

তুলসীয়ে শৰীৰক বিষমুক্ত কৰাৰ লগতে ইয়াৰ মূত্ৰনাশক গুণাগুণ আছে।

বদহজম দূৰ কৰে

তুলসীৰ ৰসে বদহজম আৰু ভোক নোহোৱা হোৱাটো নিৰাময় কৰাত সহায় হয়।

ছাল-চুলিৰ বাবে ভাল

তুলসীয়ে দাগ আৰু শালমইনাৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰে।

পতংগ প্ৰতিৰোধক হিচাপে কাম কৰে

শুকান তুলসীৰ পাতবোৰে পোক-পতংগ প্ৰতিৰোধ কৰে।

পোক-পতংগৰ কামোৰ,তেজ বিশুদ্ধকৰণ

পোক-পতংগ প্ৰতিৰোধ কৰাৰ উপৰিও তুলসী পাতৰ ৰস পোক-পতংগই কামোৰা ঠাইত লগালে ঠাইডোখৰৰ বিষ, ফুলা আৰু জ্বলা-পোৰা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।