ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল -
" লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। "
ব'হাগ বিহুৰ প্ৰথম দিনটো অৰ্থাৎ চ’তৰ সংক্ৰান্তিৰ দিনা অসমীয়া জন-জীৱনৰ কৃষিকৰ্মৰ প্ৰধান সম্বল গৰুৰ নামত উছৰ্গা কৰি ‘গৰু বিহু’ হিচাপে পালন কৰা হয়।
গৰু বিহুৰ পাছদিনা মানুহ বিহু। পহিলা ব'হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে।
ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়। মন্দিৰ-নামঘৰত ৰাইজ একগোট গৈ সকলোৰে মংগল কামনা কৰিব আজিৰ দিনটোত।
সাত বিহুৰ চতুৰ্থ দিনা পালন কৰা হয় এই তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’ হিচাপে অসমীয়াই পালন কৰি আহিছে।
নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰে ৷ কৃষিকৰ্মৰ লগত জড়িত সজুঁলি সমূহৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় নাঙলৰ বিহু ৷
অসমীয়া সমাজত বহাগ মাহৰ ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’ বুলি কোৱা হয় ।
“ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ”
চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয় । এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।
বিহু অসমীয়া ৰাইজৰ বাপতি সাহোন । ৰঙালী বিহুৰ সাতোটি দিনক সাতোটা বিহুৰ নামেৰে অসমৰ বিভিন্ন প্ৰান্তত উদযাপনক কৰা হয় । ঠাই বিশেষে এই দিনকেইটাৰ নাম অৱশ্যে ভিন্ন ।