asomiyapratidin
খৰচৰ নিৰীক্ষণে আপোনাৰ অপ্ৰয়োজনীয় খৰচৰ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিব। খৰচৰ নিৰীক্ষণে আপোনাক দেখুৱাব যে দৈনিক আপুনি কিমান অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰি কিমান অযথা খৰচ কৰি আছে।
প্ৰতিটো মাহতে খৰচ কমোৱাৰ বাবে এটা নিৰ্দিষ্ট বাজেট নিৰ্ধাৰণ কৰক। মনোৰঞ্জন, ভ্ৰমণ, ৰেষ্টুৰাৰ খাদ্য আদিত খৰচৰ মাত্ৰা কমাবলৈ চেষ্টা কৰক
আপোনাৰ অজ্ঞাতেই আপুনি বহু টকা ৰেষ্টুৰাৰ খাদ্য অৰ্ডাৰ কৰি খৰচ কৰি দিয়ে। টকা সঞ্চয়ৰ বাবে নিজৰ খাদ্য নিজেই ৰান্ধি টিফিন নিয়াৰ অভ্যাস কৰক, ই আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে আৰ্থিক স্বাস্থ্যৰ বাবেও যথেষ্ট লাভজনক হ’ব
আপোনাৰ প্ৰিয় চিনেমা বা চিৰিজৰ বাবে প্ৰতিটো অ.টি.টি প্লেটৰ্ফমৰ বেলেগে বেলেগে ছাবছক্ৰিপচন লোৱাতকৈ বাণ্ডল অ.টি.টি. ছাবছক্ৰিপচন ক্ৰয় কৰক
নিজৰ ব্যৱহাৰৰ বাবে সম্পূৰ্ণ নতুন সামগ্ৰী ক্ৰয় কৰাৰ বিপৰীতে সুচল অৱস্থাৰ ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰক। বিশেষকৈ আচ-বাব, যান-বাহন, ইলেকট্ৰনিক সামগ্ৰীসমূহত এইদৰে বহু টকা সঞ্চয় কৰিব পৰা যায়।
আপোনাৰ আয়তকৈ ১০ শতাংশ অধিক মূল্যৰ যিকোনো বস্তু ক্ৰয় কৰাৰ আগত ৩০ দিন অপেক্ষা কৰক আৰু ৩০ দিনৰ পিছতো যদি আপুনি বস্তুটো সমানে প্ৰয়োজনীয় বুলি ভাৱে তেতিয়াহে ক্ৰয় কৰক। ৩০ দিনীয়া এই নিয়মে আপোনাৰ যথেষ্ট ধন ৰাহি কৰিব।
বিশেষজ্ঞসকলৰ মতে, দৰমহাৰ ২০ শতাংশ আৰম্ভণিতেই সঞ্চয় কৰিব লাগে আৰু বাকী ৮০ শতাংশত বাকী খৰচসমূহ কৰিব লাগে। এই অভ্যাসেই আপোনাৰ অপ্ৰয়োজনীয় খৰচক যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰিব।