ঘৰ সজাবলৈ ফটো কিনাৰ আগতে এইসমূহ কথা জানি লওঁক

asomiyapratidin

ডুব যোৱা নাৱৰ ফটো

বাস্তু বিশ্বাস অনুসৰি, ঘৰত ডুব যোৱা নাৱৰ ছবি থকাটো শুভ নহয়। এনে ফটো ঘৰত থাকিলে ঘৰখনলৈ নেতিবাচকতা আহে আৰু ঘৰৰ সদস্যসকলৰো মানসিক চাপ বৃদ্ধি হয়।

হিংসাত্মক জন্তু 

ইয়াৰ উপৰিও ঘৰত হিংসাত্মক আৰু ৰক্তক্ষয়ী জন্তুৰ ছবিও ৰাখিব নালাগে। এনে ফটো ঘৰত ৰখাৰ ফলত অস্থিৰতাৰ সৃষ্টি হয়।

বৈ থকা পানীৰ ফটো

এই ফটোখন যিমানেই ধুনীয়া নহওঁক কিয়, এনে ফটো ঘৰত ৰাখিলে জীৱনত সমস্যাৰ উপৰি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ'ব পাৰে।

মহাভাৰতৰ ছবি 

মহাভাৰতৰ সৈতে সম্পৰ্কিত ফটোও ঘৰত থকাটো শুভ নহয়। এনে ফটো ঘৰত থাকিলে ঘৰৰ ব্যক্তিসকলৰ মাজত উত্তেজনা বৃদ্ধি হয় আৰু নেতিবাচকতাৰ আগমন ঘটে।

সমাধিৰ ছবি 

ঘৰত কেতিয়াও সমাধিৰ ফটো ৰাখিব নালাগে। এনে ফটো পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে ভাল বুলি গণ্য কৰা নহয়।