প্ৰকৃতিৰ ৰোষত এখন ৰাজ্যঃ এটা বাৰিষাতে ক্ষতি ৭ হাজাৰ কোটি, ২৫৭ জনৰ মৃত্যু...

Asomiya Pratidin

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত ধ্বংস্তূপত পৰিণত হিমাচল। ভয়ানক প্ৰাকৃতিক দুৰ্যোগত ২৪ ঘণ্টাত ২১ জনকৈ লোকৰ প্ৰাণহানী।

 হিমাচল প্ৰদেশৰ ছোলান জিলাত অতিপাত বৰষুণৰ মাজতে ডাৱৰ বিস্ফোৰণৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু। চিমলা চহৰত শিৱমন্দিৰ ভাঙি যোৱাৰ ফলত এই পৰ্যন্ত ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য।

আশংকা কৰা হৈছে ভাঙি পৰা মন্দিৰৰ কংক্ৰিটৰ তলত এতিয়াও ১৫ ৰ পৰা ২০ জনকৈ দৰ্শনাৰ্থী আৱদ্ধ হৈ আছে। ফলত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে।

চিমলাৰ উপায়ুক্ত আদিত্য নাগিৰ ভাষ্য অনুসৰি অঞ্চলটোত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত বহু লোক মাটিৰ তলত আৱদ্ধ হৈ আছে। ফাগলি অঞ্চলৰ জাডোন গাঁৱটো বহু কেইটা ঘৰ মাটিৰ তলত পোত গৈছে।  বানপানীত ধ্বংস হৈছে একাধিক ঘৰ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুয়ে জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱাৰ লগতে নদীৰ কাষলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে।

তেওঁ জনসাধাৰণৰ ভূমিস্খলন হ’ব পৰা অঞ্চলৰ পৰাও আঁতৰি থাকিবলৈ আৰু পৰ্যটকসকলক এই সময়ছোৱাত ৰাজ্যখনলৈ নাহিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

যোৱা কিছুদিন ধৰি হিমাচলত প্ৰৱল বৰষুণ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত বৰষুণৰ পৰিমাণ বহু বৃদ্ধি পাইছে। বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ। উফন্দী উঠিছে খৰস্ৰোতা বিপাসা নদী।

বৰষুণ আৰু ভূমিস্খলনৰ বাবেই ৰাজ্যখনত বন্ধ হৈ পৰিছে ৭৫২ টাকৈ পথ। পাহাৰৰ  মাটি খহি আৱদ্ধ হৈছে বহু পথ। পথৰ ওপৰৰ বাহনৰ ওপৰতে পৰিছে পাহাৰীয়া মাটি।

 ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি হিমাচলৰ চাম্বা, কাংড়া, হমিৰপুৰ, মান্দি, বিলাসপুৰ, ছোলান, চিমলা আদিত প্ৰচুৰ বৰষুণ অব্যাহত থাকিব। যোৱা কেইবছৰত বানপানী আৰু ভূমিস্খলনৰ ফলত দেশৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈ পৰিছে হিমাচল আৰু উত্তৰাখণ্ড।

এইবাৰ বাৰিষা হিমাচলত এই পৰ্যন্ত ৭ হাজাৰ কোটি টকাৰো অধিক ক্ষয়ক্ষতি হৈছে।বাৰিষা আৰম্ভ হোৱাৰ পৰা বৰ্তমান পৰ্যন্ত এই পাহাৰীয়া ৰাজ্যখনত মৃত্যু হৈছে ২৫৭ জন লোকৰ।