পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ এইসমূহ খাদ্য খাব

asomiyapratidin

অমিতা

অমিতাত আঁহ, কেৰোটিন, ভিটামিন চি, ই, এ আৰু বহুতো খনিজ থাকে। যিয়ে আমাৰ শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখে।

দৈ

দৈত থকা বেক্টেৰিয়াবোৰ পাকস্থলীক স্বাস্থ্যৱান কৰি ৰখাত সহায়ক। দৈ খাই আমি পেট ফুলা, কোষ্ঠকাঠিন্য আৰু পেট সম্পৰ্কীয় অন্যান্য সমস্যাবোৰৰ পৰা বাচি থাকিব পাৰো।

আপেল

কথাতেই কয়, দৈনিক এটা খাই চিকিৎসকৰ পৰা দূৰত থাকিব পাৰি।ইয়াৰ কাৰণ হৈছে আপেলে আমাৰ পাচন তন্ত্ৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

বীটৰুট

বীটৰুট হৈছে আঁহ, পটাছিয়াম আৰু মেগনেছিয়ামৰ এক অতি ভাল উৎস। ইয়াক এক স্বাস্থ্যকৰ পাচন তন্ত্ৰ পুনৰুদ্ধাৰ কৰাত সহায়ক বুলি গণ্য কৰা হয়।

আদা

পেটৰ বহু সমস্যাৰ বাবে অতি উপকাৰী আদা।প্ৰতিদিনে পুৱা আদাৰ টুকুৰা বা আদাৰ পানী খালে আপুনি গেছ তথা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা বহুখিনি পাৰিত্ৰাণ পাব পাৰে।