asomiyapratidin
আপুনি কণীৰ বাকলি ব্যৱহাৰ কৰি ঘৰৰ পৰা নিগনি খেদিব পাৰে। হয়, ইয়াৰ পৰা ওলোৱা গোন্ধই নিগনি খেদায় সহায় কৰে।
আপুনি নহৰু ব্যৱহাৰ কৰিও নিগনিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাব পাৰে।ইয়াৰ বাবে আপুনি নহৰু গুৰি কৰি এটা স্প্ৰে প্ৰস্তুত কৰিব।
ঘৰৰ পৰা নিগনি খেদাত নেপথেলিনেও এক অন্যতম ভূমিকা গ্ৰহণ কৰে।এই নেপথেলিনবোৰ ঘৰৰ এনে ঠাইত ৰাখিব, য'ৰ পৰা সিহঁতৰ গোন্ধ গোটেই ঘৰটোত বিয়পি পৰে।
পিঁয়াজৰ তীব্ৰ গোন্ধেও মিনিটৰ ভিতৰতে নিগনিক আপোনাৰ ঘৰৰ পৰা বাহিৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰৰ কোণবোৰত পিঁয়াজৰ বাকলি থৈ দিব।
আপুনি জালুকৰ স্প্ৰে ব্যৱহাৰ কৰিও ঘৰৰ পৰা নিগনি খেদিব পাৰে।
লঙৰ তীব্ৰ গোন্ধেও নিগনি খেদাত সহায় কৰিব পাৰে। ইয়াৰ বাবে ঘৰৰ কোণত লঙৰ গুৰি ছটিয়াই থ'ব।