কিহৰে পূজিলে মহাদেৱৰ আশীৰ্বাদপুষ্ট হ’ব পাৰি জানেনে ?

নিলাজী বন

নিলাজী বনৰ পাতবোৰ ভগৱান শিৱৰ অতি প্ৰিয়। সাধাৰণতে শনি দেৱতালৈ নিলাজী বনৰ পাত আগবঢ়োৱা হয়, কিন্তু এই পাত শিৱ আৰু গণেশৰো প্ৰিয়।

অপামাৰ্গ

অপামাৰ্গৰ পাতেৰে শিৱক উপাসনা কৰি আনন্দ আৰু সকলো সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।

আঁহত পাত

শাওন মাহৰ সোমবাৰে মহাদেৱক উপাসনা কৰিবলৈ যদি আপোনাৰ ওচৰত বেলপাত নাই, তেন্তে আপুনি আঁহত পাতৰেও ভগৱান শিৱৰ উপাসনা কৰিব পাৰে।

ধতুৰা ফুল

ধতুৰা ফুলক ভগৱান শিৱৰ প্ৰিয় বস্তুৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। সেয়েহে শাওন মাহত ধাতুৰা ফুলৰ এক বিশেষ চাহিদা থাকে।

ভাং

আপুনি ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভাং আগবঢ়াব পাৰে। ভগৱান শিৱৰ নৈবেদ্য হিচাপেও ভাং বিতৰণ কৰা হয়।

দুবৰী বন

পুৰাণৰ মতে, দুবৰী বন অমৃতৰ বাসস্থান।