মধুৰিআমৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে?

asomiyapratidin

ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক

ভিটামিন-চি আটাইতকৈ বেছিকৈ থকা ফলটোয়েই হৈছে মধুৰিআম।

কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে

 মধুৰিআম ফলপ্ৰষ্টেট কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস কৰাত ব্যাপকভাৱে সফল হোৱা দেখা গৈছে আৰু লগতে স্তন কৰ্কট কোষৰ বিকাশো ই ৰোধ কৰে।

ডায়েবেটিচৰ বাবে অনুকূল

মধুৰিআমত থকা আঁহৰ পৰিমাণ আৰু নিম্ন গ্লাইকেমিক সূচকৰ বাবে মধুমেহৰ বিকাশ প্ৰতিহত কৰাত ই যথেষ্ট সহায়ক হৈ পৰে।

হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ

এই বিধ ফলে শৰীৰৰ ছডিয়াম আৰু পটাছিয়ামৰ ভাৰসাম্য উন্নত কৰাত সহায় কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ থকা ৰোগীৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

কোষ্ঠকাঠিন্যৰ চিকিৎসা কৰে

মধুৰিআমত আন ফলৰ তুলনাত আঁহৰ পৰিমাণ অতি বেছিকৈ থাকে।

দৃষ্টিশক্তি উন্নত কৰে

ভিটামিন-এৰ উপস্থিতিৰ বাবে মধুৰিআম চকুৰ স্বাস্থ্যৰ বাবে এক বুষ্টাৰ হিচাপে কাম কৰে। ই দৃষ্টিশক্তি যথেষ্ট

গৰ্ভধাৰণৰ সময়ত মধুৰিআম

মধুৰিআমত ফলিক এচিড বা ভিটামিন বি-৯ থাকে, যাৰ বাবে গৰ্ভৱতী মহিলাই মধুৰিআম খোৱাটো অত্যন্ত দৰকাৰী। 

 দাঁতৰ বিষ কমায়

মধুৰিআম পাতৰ এক শক্তিশালী এণ্টিবেক্টেৰিয়েল ক্ষমতা আছে যি সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু বীজাণু ধ্বংস কৰে। 

ষ্ট্ৰেচ বাষ্টাৰ

মধুৰিআমত থকা মেগনেছিয়ামে শৰীৰৰ পেশী আৰু স্নায়ু শিথিল কৰাত সহায় কৰে।

মগজুৰ বাবে ভাল

মধুৰিআমত ভিটামিন-বি৩ আৰু ভিটামিন-বি৬ থাকে, যাক ক্ৰমে নিয়াচিন আৰু পাইৰিডক্সিন বুলিও কোৱা হয়।

ওজন হ্ৰাস

প্ৰ'টিন, ভিটামিন আৰু আঁহ গ্ৰহণৰ সৈতে আপোচ নকৰাকৈ মধুৰীআমে দেহটোক নিয়ন্ত্ৰণ কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।