ভাগ্য সলাব পাৰে ঘৰৰ পৰ্দাই, কোনটো কোঠাত কেনে পৰ্দা লগাব লাগে জানি লওক

asomiyapratidin

উপাসনা গৃহত এনে পৰ্দা লগাওক

উপাসনা গৃহটো ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়। ইয়াত কমলা বা পাতল হালধীয়া পৰ্দা লগোৱাটো সদায়ে শুভ বুলি গণ্য কৰা হয়। 

ড্ৰয়িং ৰুমৰ পৰ্দা 

যদি আপুনি ড্ৰয়িং ৰুম বা ঘৰত অতিথিসকলৰ বাবে এটা কোঠা নিৰ্মাণ কৰিছে, তেন্তে ইয়াত বাদামী বা ক্ৰীম ৰঙৰ পৰ্দা লগাওক।

শোৱনি কোঠাৰ পৰ্দা

স্বামী আৰু পত্নীৰ কোঠাত ৰঙা, বেঙুনীয়া বা গুলপীয়া পৰ্দা ৰখাটো শুভ বুলি গণ্য কৰা হয়।

অধ্যয়ন কোঠাৰ পৰ্দা

শিশুৰ পঢ়া কোঠাত সেউজীয়া, নীলা বা গুলপীয়া পৰ্দা ৰখাটো শুভ বুলি গণ্য কৰা হয়।

বিভেদ আঁতৰাবলৈ এনে পৰ্দা লগাব লাগে 

যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত সকলো সময়তে বিবাদ হয় বা তেওঁলোকে ইজনে সিজনৰ সৈতে মিলি নাযায়, তেনেহ'লে ঘৰৰ দক্ষিণ দিশত ৰঙা পৰ্দা লগাব।

ঘৰৰ মূল ব্যক্তিৰ কোঠা

ঘৰৰ মুল ব্যক্তিৰ কোঠাত নীলা, মুগা, কমলা পৰ্দা ৰখাটো শুভ বুলি গণ্য কৰা হয়।