এইবাৰৰ আই পি এলত ভয়ংকৰ হৈ উঠিব পাৰে এই সকল খেলুৱৈ

Asomiya Pratidin

কাগিছো ৰাবাডা

পাঞ্জাৱ কিংছৰ হৈ আই পি এলত অৱতীৰ্ণ হ'ব লগীয়া ৰাবাডাই এইবাৰ সুযোগ লাভ কৰিব দ্বিতীয়টো পাৰ্পল কেপ দখল কৰাৰ । এতিয়ালৈ ৬৩ খন আই পি এল মেচত খেলা ৰাবাডাৰ নামত আছে ৯৯টা উইকেট

ৰাশ্বিদ খান

আই পি এলত অভিষেক কৰাৰ পৰাই নিৰ্ভৰযোগ্য স্পীনাৰ ৰূপে পৰিচিত হৈছে ৰ‍াশ্বিদ খান । বিগত বৰ্ষতেই গুজৰাট টাইটানছৰ হৈ ১৬ খন মেচত খেলুৱৈ গৰাকীয়ে সংগ্ৰহ কৰিছিল ১৯টাকৈ উইকেট ।

কুলদীপ যাদৱ

বাওঁহতীয়া স্পীনাৰ গৰাকীয়ে আই পি এল,২০২২ বৰ্ষত সংগ্ৰহ কৰিছিল ২১ টাকৈ উইকেট । এতিয়ালৈ ৫৯খন আই পি এল মেচত খেলুৱৈ গৰাকীয়ে সংগ্ৰহ কৰিছে ৬১টা উইকেট

জোফ্ৰা আৰ্চাৰ

আঘাতৰ পৰা প্ৰত্যাৱৰ্তন কৰা জোফ্ৰা আৰ্চাৰে এতিয়ালৈ ৩৫খন খেলত সংগ্ৰহ কৰিছে ৪৬টা উইকেট । ১৫০ কি.মি পৰ্যন্ত গতিবেগত বলিং কৰিব পৰা জোফ্ৰা আৰ্চাৰ যিকোনো সময়তেই ভয়াৱহ হৈ উঠিব পাৰে প্ৰতিপক্ষৰ বাবে ।

উমৰান মালিক

বিগত আই পি এলত বলিঙৰ গতিবেগেৰে প্ৰতিপক্ষক ব্যতিব্যস্ত কৰি তোলা উমৰান মালিকে এইবাৰো নিশ্চয়কৈ দৃষ্টি আকৰ্ষণ কৰিব দৰ্শকৰ । বিখ্যাত বেগী বলাৰ ডেল ষ্টেইনৰ প্ৰশিক্ষণত উমৰাণ মালিক হৈ পৰিব পাৰে এপাত শাণিত অস্ত্ৰ ।

ৰবিচন্দ্ৰন অশ্বিন

অভিজ্ঞ স্পীনাৰ গৰাকী ভাৰতীয় পিটছত যিকোনো মূহুৰ্ততেই যে ভয়ংকৰ হৈ উঠিব পাৰে সেই কথা পুনৰ এবাৰ কোৱাৰ প্ৰয়োজন নাই ক্ৰিকেটপ্ৰেমীক । বেটছমেনৰ মানসিক স্থিতিক অতি সুন্দৰকৈ অধ্যয়ন কৰি বলিং কৰাত পাকৈত এইগৰাকী খেলুৱৈও হ'ব পাৰে পাৰ্পল কেপৰ দাবীদাৰ ।